ডিজিটেল ডেস্ক ANEWS24X7: চলি আছে এছিয়া কাপ ক্ৰিকেটৰ সংঘৰ্ষ ৷ ইয়াৰ মাজতে হংকঙৰ এজন খেলুৱৈ লাভ কৰিছে বিশেষ চৰ্চা ৷ বুধবাৰে হংকঙ আৰু ভাৰতৰ মাজত খেল চলি থকাৰ মাজতে ভাৰতীয় বংশোদ্ভৱ তথা হংকং দলৰ খেলুৱৈ কিঞ্চিত শ্বাহে ডুবাই ষ্টেডিয়ামত নিজৰ প্ৰেমিকাক আঠুকাঢ়ি প্ৰেমৰ প্ৰস্তাৱ দিয়ে ৷
সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈছে সেই বিশেষ মূহূৰ্তৰ ফটো আৰু ভিডিঅ’ ৷
ইয়াৰ পিছতে হংকং দলৰ খেলুৱৈ সকলৰ লগতে ষ্টেডিয়ামত থকা দৰ্শক সকলে শুভেচ্ছা জনায় খেলুৱৈ গৰাকীক ৷
উল্লেখ্য যে, ভাৰতীয় বংশোদ্ভৱ কিঞ্চিত শ্বাহে ভাৰতৰ বিৰু্দ্ধে ২৮ টা বলত ৩০ ৰান কৰিবলৈ সক্ষম হয় ৷