Thursday, May 22, 2025
Homeক্ৰীড়াটি-২০ ক্ৰিকেটত আন এক মাইলৰ খুঁটিৰ পথত কোহলী

টি-২০ ক্ৰিকেটত আন এক মাইলৰ খুঁটিৰ পথত কোহলী

ডিজিটেল ডেস্ক, ২১ এপ্ৰিলঃ টি-২০ ক্ৰিকেটত আন এক মাইলৰ খুঁটিৰ পথত কোহলী। ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰছৰ বিৰুদ্ধে অভিলেখ গঢ়িব পাৰে।

ক্ৰিকেটৰ আন এক মাইলৰ খুঁটিৰ সন্মুখত থিয় দিছে বিৰাট কোহলী। ইডেন গাৰ্ডেনত কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অভিলেখ গঢ়িব পাৰিব।এই কৃতিত্ব সম্পূৰ্ণ কৰিবলৈ কোহলীক প্ৰয়োজন দুটা ছয়।

কোহলীয়ে এটা নিৰ্দিষ্ট দলৰ বাবে টি-২০ ক্ৰিকেটত ২৫০টা ছয় কৰা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হোৱাৰ সুযোগ লাভ কৰিছে।

দেওবাৰৰ খেলখনৰ পূর্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে ২৪৪খন মেচত ২৪৮টা ছয় অর্জন কৰিছিল ৷

এটা দলৰ বাবে ইমান ছয় মাৰিব পৰা নাই আন কোনো ক্ৰিকেটাৰে। টি-২০ ক্ৰিকেটত এটা দলৰ হৈ সৰ্বাধিক ছয়ৰ অভিলেখ কোহলীৰ হাতত আছে।

কেকেআৰৰ বিৰুদ্ধে দুটা ছয়ৰে কোহলীয়ে ইডেনত ২০ অভাৰৰ ক্ৰিকেটত এটা দলৰ হৈ ২৫০ ছয় কৰা বিশ্বৰ প্ৰথমজন ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

এটা দলৰ হৈ সৰ্বাধিক ছয়ৰ তালিকাত দ্বিতীয় স্থানত আছে ক্ৰীছ গেইল।

আৰচিবিৰ হৈ ৮৫খন মেচত ২৩৯টা ছয় সংগ্ৰহ কৰে।

তৃতীয় স্থানত আছে বেংগালুৰুৰ আন এজন প্ৰাক্তন বেটছমেন এ বি ডি ভিলিয়াৰ।

১৫৬ খন খেল খেলি ২৩৮ টা ছয় কৰে।এই তালিকাত চতুৰ্থ স্থানত আছে মুম্বাই ইণ্ডিয়ানছৰ ৰোহিত শৰ্মা।

২০৫খন মেচ খেলি ২২৪টা ছয় কৰে । মুম্বাইৰ প্ৰাক্তন বেটছমেন কিয়ৰন পোলাৰ্ড পঞ্চম স্থানত আছে।

১৮৯খন মেচত তেওঁ ২২৩টা ছয় সংগ্ৰহ কৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments