Sunday, July 6, 2025
Homeক্ৰীড়াবাতিল কৰিছে কে এল ৰাহুলক এছিয়া কাপ ২০২৩ৰ প্ৰথম দুখন খেলৰ পৰা 

বাতিল কৰিছে কে এল ৰাহুলক এছিয়া কাপ ২০২৩ৰ প্ৰথম দুখন খেলৰ পৰা 

ডিজিটেল জেস্ক ANEWS24X7:  বুধবাৰৰ পৰা মুলতানত আৰম্ভ হ’বলগীয়া আগন্ত্তক এছিয়া কাপৰ প্ৰথম দুখন মেচৰ পৰা ভাৰতৰ উইকেটকীপাৰ বেটছমেন কে এল ৰাহুল বাদ পৰাৰ কথা নিশ্চিত কৰিছে মূখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে। ভাৰতৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে মঙলবাৰে ঘোষণা কৰে যে আঘাতৰ পৰা সুস্থ হৈ উঠা ৩১ বছৰীয়া বেটছমেনৰ নাম পাকিস্তান আৰু নেপালৰ বিৰুদ্ধে প্ৰথম দুখন মেচত খেলিব নোৱাৰিব।

ইয়াৰ পূৰ্বে দল ঘোষণাৰ সময়ত বিচিচিআইৰ মুখ্য নিৰ্বাচক অজিত আগৰকাৰে সংবাদ মাধ্যমক জনাইছিল যে ৰাহুলে সামান্য নিগল হৈ আছে।প্ৰস্থানৰ পূৰ্বে প্ৰেছাৰত দ্ৰাবিদে কয় যে কেএলে আমাৰ সৈতে ভাল সপ্তাহটো পাৰ কৰিছে, ভাল খেলিছে, সঁচাকৈয়ে ভাল আগবাঢ়িছে যদিও ভ্ৰমণৰ কেণ্ডি লেগৰ বাবে প্ৰথম অংশৰ বাবে তেওঁ উপলব্ধ নহ’ব।প্ৰশিক্ষকগৰাকীয়ে লগতে কয় যে ৰাহুল পুনৰ এনচিএত থাকিব আৰু ৪ ছেপ্টেম্বৰত প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ বাবে আহ্বান জনোৱা হ’ব।”আমি ভ্ৰমণৰ সময়ত এনচিএই অনাগত কেইদিনমানৰ বাবে তেওঁক চোৱাচিতা কৰিব।৪ তাৰিখে (ছেপ্টেম্বৰ) পুনৰ মূল্যায়ন কৰা হব আৰু তাৰ পিছতে সিদ্ধান্ত গ্ৰহণ কৰা হব ।

বিচিচিআইৰ মতে “কে এল ৰাহুলে সঁচাকৈয়ে ভাল অগ্ৰগতি লাভ কৰিছে যদিও ভাৰতৰ প্ৰথম দুখন মেচৰ বাবে – পাকিস্তান আৰু নেপালৰ বিৰুদ্ধে AsiaCup2023 মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ বাবে উপলব্ধ নহ’ব।”বুধবাৰে মুলতানত সহ-আয়োজক পাকিস্তান আৰু নেপালৰ মাজত অনুষ্ঠিত হ’ব এছিয়া কাপৰ প্ৰথমখন খেল। ২ ছেপ্টেম্বৰত কেণ্ডীত তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব টিম ইণ্ডিয়াই।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments