ডিজিটেল ডেস্ক ANEWS24X7: ৰাজ্যত বৰ্তমানেও নীতি বৰ্হিভূতভাৱে চলি আছে বহু ইটাভাটা, শিলভঙা ক্ৰেচাৰ, কংক্রিট ব্লক, কোক, চিমেণ্ট আদি পৰিৱেশ প্ৰদূষণকাৰী উদ্যোগ । এনে সমূহ অবৈধ্য উদ্যোগৰ বিৰুদ্ধে সৰৱ হৈছে কৃষক মুক্তি সংগ্রাম সমিতি । সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰি চৰকাৰৰ বিৰুদ্ধে কেতবুৰ গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছে । বহু উদ্যোগে পাৰিপাৰ্শ্বিকতা আৰু জনজীৱনলৈ ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ আনিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে । দিশপুৰলৈ কমিচন যোৱাৰ বাবে এনে সমূহ উদ্যোগৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কথা কোৱাৰ সাহস কৰা নাই বুলি মন্তব্য কৰে । জনস্বাস্থ্য আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত বিৰূপ প্ৰভাৱ পেলোৱা ব্যাপক প্ৰদূষণকাৰী উদ্যোগ-প্রতিষ্ঠানসমূহে সৰ্বসাধাৰণ ৰাইজৰ সামাজিক বাতাবৰণ আৰু মৌলিক চৰ্তসমূহ সম্পূৰ্ণৰূপে উলংঘা কৰি অন্যায়ভাৱে কাম-কাজ চলাই আহিছে বুলি মন্তব্য কৰে ।
আনহাতে নীতি বৰ্হিভূতভাৱে চলি থকা চিমেণ্ট কোম্পানী সমূহৰ পৰা চৰকাৰলৈ টকা অহে । যাৰ ফলত বৰ্তমান ৰাজ্য চৰকাৰে জনস্বাস্থ্য আৰু পৰিবেশ সম্পৰ্কীয় এনে সকলো নীতি নিয়মৰ জলাঞ্জলি দি কেৱল ৰাজহ সংগ্ৰহৰ নামত ব্যাপক প্ৰদূষণ সৃষ্টিকাৰী উদ্যোগ স্থাপন কৰি চলাই থাকিবলৈ জধে-মধে অনুমতি প্ৰদান কৰি আহিছে । এক আৰটিআইৰ তথ্যৰ উদ্ধৃতি দি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কয় যে বৰ্তমান সময়ত ৰাজ্যত ১০৬৭ টা ইটাৰ ভাটা , ৭৯৩ টা শিলভঙা ক্ৰেচাৰ মেচিন, ৯৩ টা কংক্ৰিটৰ ব্লকৰ উদ্যোগ চলি আছে ।
সংগঠটোৱে কয় যে , উদ্যোগ প্ৰতিষ্ঠানৰ পৰা একেলগে মোটা অংকৰ মাচুল সংগ্ৰহৰ নীতি লৈ পূৰ্বে প্ৰতিবছৰে কাৰ্য সম্পাদনৰ বাবে অনুমতি (চি টি অ’) লোৱাৰ সলনি দীৰ্ঘম্যাদী কাৰ্য পৰিচালনাৰ বাবে চৰকাৰে অনুমতি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। যাৰ ফলত পাৰিপাৰ্শ্বিকতা আৰু সাধাৰণ ৰাইজৰ মৌলিক চৰ্তসমূহ উলংঘা কৰিলেও নীতিগত অথবা আইনী ব্যৱস্থাৰে প্ৰদূষণকাৰী উদ্যোগক নিয়ন্ত্ৰণ কৰাটো সাধাৰণ ৰাইজৰ পক্ষে সম্ভৱ নহয়। এনেবোৰ ব্যৱস্থাৰ বিৰুদ্ধে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসম চৰকালৈ ৬ টা দাবী উত্থাপন কৰিছে ।
সংবামেলখন সম্বোধন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি দ্বয় ক্ৰমে ৰাজু বৰা , দেবেন শৰ্মা ৷ কাৰ্যকৰী সভাপতি মুকুট ডেকা আৰু ৰাজু গোঁহাই , সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া , উপ-সভাপতি বিমলা গগৈ , মুখ্য সাংগঠনিক সম্পাদক আকাশ দলে ৷