যুৱকক হত্যাক লৈ জ্বলিছে কোকৰাঝাৰ। পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ লণ্ডভণ্ড কৰিলে উত্তেজিত একাংশ লোকে। উত্তেজিত লোকে জ্বলাই দিলে বীৰছা কমাণ্ডোৰ পৰিত্যক্ত অস্থায়ী শিবিৰ, কেৱল সেয়াই নহয় উত্তেজিত একাংশই জ্বলাই দিলে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱন।
কোকৰাঝাৰত কাৰিগাঁৱৰ আওদাং বজাৰৰ মাছিংৰোড ঘটনাৰ পিছতে কাৰিগাঁৱত ২৭নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছিল স্থানীয় ৰাইজ আৰু একাংশ দল-সংগঠনে৷ প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰে যান-বাহনৰ চলাচল৷ জানিব পৰা অনুসৰি কেইবাখনো বাহনত অগ্নিসংযোগ কৰে ক্ষুব্ধ লোকে।কোকৰাঝাৰৰ কাৰিগাঁৱৰ গৌৰি নগৰৰ মাছিংৰোড অঞ্চলত সোমবাৰে সন্ধিয়া সংঘটিত হৈছিল এক ভয়াৱহ ঘটনা। সোমবাৰে ঠিকাদাৰ মৰাণ্ড বসুমতাৰীৰ জোঁৱায়েক ছিখনা জৌহৌলাউ বিস্মিত ওৰফে ৰাজা বিস্মিত, ৰ’লাৰ চালক প্ৰভাত ব্ৰহ্মসহ মুঠ ৫জন লোক মাছিংৰোড অঞ্চলত বেলছা আনিবলৈ বুলি গৈছিল৷ কিন্তু উভতি অহাৰ সময়ত স্থানীয় একাংশ লোকে দুৰ্ঘটনা সংঘটিত কৰা বুলি অভিযোগ তুলি তেওঁলোকে যোৱা স্ক’ৰপিঅ বাহনখন আক্ৰমণ কৰি জ্বলাই ভস্মীভূত কৰে৷
ভয়ংকৰ গণপ্ৰহাৰৰ ঘটনাত থিতাতে কৰুণ মৃত্যুক আঁকোৱালি লয় ৰাজা বিস্মিত নামৰ যুৱকজনে। আনফালে মঙলবাৰে পুৱা কোকৰাঝাৰ মেডিকেল কলেজ হাস্পতালত কৰুণ মৃত্যুক আঁকোৱালি লয় সুনীল মূৰ্মুৰ নামৰ এজনে। এতিয়ালৈকে গণপ্ৰহাৰৰ ঘটনাত জড়িত ২৯জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এই ঘটনাৰ পিছতে উত্তেজনাই বিৰাজ কৰিছে অঞ্চলটোত।আজি আৰক্ষীলৈ প্ৰতিবাদকাৰীয়ে কৰে শিলাবৰ্ষণ। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কৰে শূন্যলৈ গুলীচালনা। ইয়াৰ লগতে প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠীচালনা। ঘটনাস্থলীত আৰক্ষীয়ে কৰে কন্দুৱা গেছ নিক্ষেপ।
কোকৰাঝাৰত কৰ্তন কৰা হ’ল ইণ্টাৰনেট সেৱা। কোকৰাঝাৰৰ হিংসাত্মক পৰিস্থিতিৰ পিছতে এই সিদ্ধান্ত ৰাজ্যৰ গৃহবিভাগৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ভইচ কল আৰু ব্ৰডবেণ্ড সেৱা অব্যাহত থাকিব।
