Tuesday, July 8, 2025
Homeঅসমএইবাৰ ‘লাখপতি বাইদেউ’ হ’ব দেশৰ ৩ লাখ মহিলা

এইবাৰ ‘লাখপতি বাইদেউ’ হ’ব দেশৰ ৩ লাখ মহিলা

ডিজিটেল ডেস্ক, ৪ফেব্ৰুৱাৰী: খানাপাৰাৰ খেলপথাৰত সম্পন্ন হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনসভা। জনসমুদ্ৰত পৰিণত খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ। ৰিম’টৰ ছুইচ টিপি ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰীয়ে।

অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যপাল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অংশগ্ৰহণ আন কেইবাগৰাকীও মন্ত্ৰী-সাংসদ-বিধায়কৰ।

খানাপাৰাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদাত্ত ভাষণ

‘‘এসময়ত একাংশই ৰাজনীতিৰ বাবে নিজৰ সংস্কৃতি ধ্বংস কৰিলে। বিগত ১০ বছৰত ভাৰতত স্থিতি সলনি হৈছে। বিজেপি ডাবল ইঞ্জিন চৰকাৰে সকলো সলনি কৰিছে। বিকাশৰ অভিযান বিগত ১০ বৃদ্ধি হৈছে। আমি ১০ বছৰত অভিলেখ সংখ্যক কলেজ, বিশ্ববিদ্যালয়, IIT, IMS বনাইছো। ১০ বছৰত মেডিকেল কলেজৰ সংখ্যা দুগুণ হৈছে। অসমতো বৃ্দ্ধি পাইছে মেডিকেল কলেজৰ সংখ্যা।’’

‘‘দেশবাসীৰ জীৱন সহজ কৰাটো আমাৰ লক্ষ্য। আমি ৪কোটি পকীঘৰ, ঘৰে-ঘৰে গেছ আৰু পানী, দিয়া ব্যৱস্থা কৰিছো। স্বচ্ছ ভাৰত অভিযান দেশৰ মহিলাৰ লজ্জা নিবাৰণ কৰিছে।’’

‘‘দেশত বৰ্তমান পৰ্যটন আৰু তীৰ্থ যাত্ৰীৰ সংখ্যা বাঢ়িছে। বিগত ১২ দিনত অযোধ্যাত ২৪ লাখতকৈ অধিক লোকে দৰ্শন কৰিছে। মা কামাখ্যাও নতুন ৰূপত বনোৱাৰ পিছতো অসমত এনে পৰিৱেশ দেখা যাব। তীৰ্থ যাত্ৰী আহিলে দুখীয়াতকৈ দুখীয়া লোকে উপাৰ্জন কৰে। এইবাৰে আমি পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছো। বিজেপি চৰকাৰে উত্তৰ-পূবৰ বিকাশত গুৰুত্ব প্ৰদান কৰিছো, কাৰণ উত্তৰ-পূব পৰ্যটনৰ কেন্দ্ৰবিন্দু।’’

‘‘পূৰ্বে অসমত হিংসাৰ মাজতে সুবিধাৰ অভাৱ আছিল বাবে ইয়ালৈ কোনো আহিব বিচৰা নাছিল। ২০১৪ চনৰ পূৰ্বে উত্তৰ-পূবত যাতায়াত ব্যৱস্থা একেবাৰে বেয়া আছিল। বিজেপি চৰকাৰে এনেবোৰ অসুবিধা আঁতৰ কৰিছে। আমাৰ চৰকাৰে বিকাশৰ বাবে খৰচ ৪গুণ বৃদ্ধি কৰিছে। ২০১৪ চনৰ পিছত ৰে’ল পথৰ নিৰ্মাণ ১৯০০ কিঃমিঃ বৃদ্ধি হৈছে।

‘‘আগতে প্ৰধানমন্ত্ৰী  অসমৰ পৰা নিৰ্বাচিত হৈছিল। বিগত ১০ বছৰত ৬০০০ কিঃমিঃ নতুন হাইৱে আমি বনাইছো। আজি সমগ্ৰ দেশে কৈছে মোদীৰ গ্যাৰাণ্টি মানে গ্যাৰাণ্টি পুৰণ হোৱাৰ গ্যাৰাণ্টি।’’

‘‘মই দেশবাসীক মূল সুবিধা দিয়াৰ গ্যাৰাণ্টি দিছো। সমগ্ৰ দেশৰ ২০ কোটি লোক বিকশিত ভাৰত সংকল্পত চামিল হৈছিল। ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰৰ লক্ষ্য সকলোৰে ওচৰ পোৱাটো। ‘‘২০১৪ পূৰ্বে ১০ বছৰত মুঠ ১২ লাখ কোটি টকা আন্তঃগাঁথনিৰ ক্ষেত্ৰত বাজেটত ধাৰ্য কৰা হৈছিল, আমাৰ চৰকাৰে এবছৰত ১১ লাখ কোটি টকা আন্তঃগাঁথনিৰ বাবে বাজেটত ধাৰ্য কৰে। দেশত দ্ৰুতগতিত নিৰ্মাণ কাৰ্য হৈ আছে। যাৰ ফলত নতুন চাকৰি ওলাই আছে।’’

‘‘আমি বিদ্যুৎ বিল শূন্য কৰাৰ লক্ষ্য ৰাখিছো। এইবাৰৰ বাজেটত চৰকাৰে ৰ’ভ টপ ছ’লাৰৰ ব্যৱস্থা হাতত লৈছে। ১ কোটি লোকক দিব এই সৌৰশক্তি যোগান দিব আমাৰ চৰকাৰে।  দেশৰ ২ কোটি মহিলাক ‘লাখপতি বাইদেউ’ বনোৱাৰ গ্যাৰাণ্টি মই প্ৰদান কৰিছো। ইতিমধ্যে দেশৰ ১ কোটি মহিলা ‘লাখপতি বাইদেউ’ হৈছে। এইবাৰ ‘লাখপতি বাইদেউ’ হ’ব দেশৰ ৩ লাখ মহিলা। ইয়াৰ ফলত লাভ অসমৰ মহিলাৰো হ’ব। মোদীয়ে গ্যাৰাণ্টি দিলে দিন ৰাতি এক কৰি পূৰণ কৰে।’’

BJP চৰকাৰ অহাৰ পিছত ৰাজ্যসমূহৰ মাজত সীমা বিবাদ দূৰ হৈছে। অসমত ১০খনতকৈ বেছি শান্তিচুক্তি হৈছে। মই অসমত BJP দলৰ সাংগঠনিক কাম কৰিছিলো। ইয়াত বোমা বিস্ফোৰণ মই  নিজ চকুৰে দেখিছিলো। এতিয়া অসমৰ যুৱকে হিংসা এৰি বিকাশৰ পথ লৈছে। সকলোৱে এতিয়া বিকাশৰ কাম কৰি আছে।’’

‘‘সৰু লক্ষ্য ৰাখি কোনো দেশ, কোনো ৰাজ্যই দ্ৰুতগতিত উন্নয়ন কৰিব নোৱাৰে। পূৰ্বৰ চৰকাৰে সৰু সৰু চিন্তা ৰাখিছিল। এতিয়া উত্তৰ পূবেৰে দক্ষিণ এচিয়া আৰু পূব এচিয়াৰ দুৱাৰমুখ হৈছে। মই দেশৰ যুৱপ্ৰজন্মক কওঁ যে আপোনালোকৰ সপোন,মোদীৰ সকল্প, এয়া মোদীৰ গ্যাৰাণ্টি। আজি হোৱা কামৰ লক্ষ্য ভাৰত আৰু ভাৰতীয় লক্ষ্য, বিশ্বত অৰ্থনৈতিকভাৱে তৃতীয় স্থানত উপনীত হোৱাটো আমাৰ লক্ষ্য।’’

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments