ডিজিটেল ডেস্ক, ANEWS24X7: উত্তৰ প্ৰদেশ আৰক্ষীত প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হৈছে এগৰাকী মহিলা আয়ুক্ত ৷ আইপিএছ বিষয়া লক্ষ্মী সিঙক নিযুক্তি দিয়া হৈছে উত্তৰ প্ৰদেশ আৰক্ষীৰ আয়ুক্ত হিচাপে ৷
লক্ষ্মী সিং হৈছে উত্তৰ প্ৰদেশৰ আৰক্ষী আয়ুক্ত হিচাপে নিযুক্তি লাভ কৰা প্ৰথমগৰাকী মহিলা আৰক্ষী বিষয়া ৷ ভাৰতীয় আৰক্ষী সেৱাত কৃতকাৰ্য হোৱাৰ পিছত তেওঁ ২০০৪ চনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল লক্ষ্মী সিঙে ।