ডিজিটেল ডেস্ক ANEWS24X7: কেৰালাত সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা ৷ কেৰালাৰ ইডুক্কি জিলাৰ থোডুপুঝাত সোমবাৰে সংঘটিত হৈছে এই ভয়াৱহ ভূমিস্খলনৰ ঘটনাটো ৷ জিলাখনত বিগত কেইবাদিন ধৰি হৈ থকা মুষলধাৰ বৰষুণৰ ফলত সোমবাৰে পুৱা ভূমিস্খলন হৈ এটা বাসগৃহ বোকাত পোত যায় ৷ এই ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উদ্ধাৰকাৰী দল উপস্থিত হৈ উদ্ধাৰ অভিযান চলাই ৷
বৰ্তমান পৰ্যন্ত উদ্ধাৰকাৰী দলটোৱে ৩ জন লোকৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ বৰ্তমানেও পৰিয়ালটোৰ দুজন লোক নিৰুদ্দেশ হৈ আছে ৷
উল্লেখ্য যে বতৰ বিজ্ঞান বিভাগে কেৰালাৰ তিৰুৱন্তপুৰম, কোল্লাম, পাথানামথিট্টা, আলাপুঝা আৰু ত্ৰিচুৰৰ বাহিৰে ৰাজ্যখনৰ সকলো জিলাতে হালধীয়া সতৰ্কতা জাৰি কৰিছে ৷ ইয়াৰ লগতে মাছমৰীয়াসকলক সাগৰলৈ নাযাবলৈ পৰামৰ্শ দিয়া হৈছে ৷