Thursday, November 7, 2024
Homeঅসমসোণাপুৰ টাৰনেলৰ সম্মুখত ভয়াবহ ভূমিস্খলন

সোণাপুৰ টাৰনেলৰ সম্মুখত ভয়াবহ ভূমিস্খলন

ডিজিটেল ডেস্ক, anews24x7: বহিঃ ৰাজ্যৰ লগত সংযোগ বিহীন বৰাক উপত্যকা। ৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ ইষ্ট জয়ন্তিয়া হিলছ জিলাৰ সোনাপুৰত ভয়াবহ ভূমিস্খলনৰ ফলত বৰাক উপত্যকা তথা চুবুৰীয়া ৰাজ্য মনিপুৰ – ত্ৰিপুৰা – মিজোৰামৰ যোগাযোগ ব্যবস্থা বিচ্ছিন্ন হৈ পৰিছে। মেঘাললয় চৰকাৰে আহ্বান কৰিছে প্ৰয়োজন নহলে ভ্ৰমণ নকৰাৰ বাবে। যুদ্ধকালিন তৎপৰতাত ঘাইপথ পৰিষ্কাৰ কৰাৰ কাম চলিছে। কিন্তু আকৌ ভূমিস্খলন হৈছে।

মেঘালয় চৰকাৰে প্ৰচেষ্টা কৰি আহিছে কিন্তু বতৰে লৈছে ভয়ংকৰ ৰূপ। ভূমিস্খলনৰ ফলত বৰাক উপত্যকাৰ আয়ুসৰেখা ৪৮ ঘন্টাৰ পৰা সম্পূৰ্ণ ভাবে শিলচৰ -গুৱাহাটী ৰোডত তীব্ৰ জানজটৰ সৃষ্টি হৈছে। পথৰ মাজতেই আবদ্ধ হৈ পৰিছে শ শ বাহন । বহু যাত্ৰীও আবদ্ধ হৈ পৰাৰ ফলত এক অভাবনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে।

সোনাপুৰত তীব্ৰ খাদ্য নাটনিৰ সৃষ্টি হৈছে। প্ৰতি প্লেইট নিৰামিষ ভাত বিক্ৰী হৈছে ৩০০ টকাত । আনহাতে, আধা লিটাৰৰ পানীৰ বোতল বিক্ৰী হৈছে ৪০ টকাত । এই বিষয়ে মেঘালয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছে আবদ্ধ হৈ পৰা যাত্ৰী সকলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments