Sunday, July 6, 2025
Homeৰাষ্ট্ৰীয়কেদাৰনাথলৈ যোৱা পথত ভূমিস্খলন!

কেদাৰনাথলৈ যোৱা পথত ভূমিস্খলন!

ডিজিটেল ডেস্ক, ANEWS24X7: কেদাৰনাথলৈ যোৱাৰ পথত ভূমিস্খলনৰ পুত যায় কেইবাখনো দোকান। বহু লোকক ধ্বংসাৱশেষৰ তলত পুতি থোৱাৰ আশংকা। উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ গৌৰীকুন্দৰ সমীপত সংঘটিত হৈছে এই ঘটনা।

ইতিমধ্যে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীৰ এটা দলে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। স্থানীয় সূত্ৰৰ পৰা জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা গৌৰীকুণ্ডা পোষ্ট দলঙৰ সমীপত ধাৰাসাৰ বৰষুণৰ ফলত ভূমিস্খলন সংঘটিত হয়। ভূমিস্খলনৰ ফলত কেইবাখনো দোকানৰ ক্ষতিসাধন হয়। দোকানৰ মালিক আৰু কৰ্মচাৰীসকলো ক্ষতিগ্ৰস্ত হয়। সেই ঘটনাত এতিয়াও ১৯ জন লোক নিৰুদ্দেশ হোৱা বুলি দাবী কৰিছে স্থানীয় ৰাইজে।

ৰুদ্ৰপ্ৰয়াগৰ আৰক্ষী অধীক্ষকে কয় যে নিৰুদ্দেশ হোৱা লোকক বিচাৰি অভিযান আৰম্ভ কৰা হৈছে।

আনহাতে, যোশীমঠৰ পিছত এইবাৰ পথ আৰু পথৰ ফাট মেলাৰ ফলত ডেৰাডুনত আতংকৰ সৃষ্টি হয়। ডেৰাডুন জিলাৰ কালছি ব্লকৰ খামৰোলি আৰু ইয়াৰ আশে-পাশে থকা দুডজনৰো অধিক ঘৰত ফাট মেলিছে। মাটিত ভাঙি পৰিল কেইবাটাও ঘৰ। স্থানীয় ৰাইজে বৃহস্পতিবাৰে জনোৱা মতে, খামৰোলী গাঁৱৰ কেইবাটাও ঘৰত ইতিমধ্যে সংকীৰ্ণ ফাট দেখা গৈছে। কিন্তু বাৰিষাত ই বহল হয়। মাটিত ভাঙি পৰিল কেইবাটাও ঘৰ। পাজিতিলানি, টিপৌ আৰু সাহিয়া-পাটানৰ দৰে পথতো ডাঙৰ ডাঙৰ ফাট মেলিছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments