ডিজিটেল ডেস্ক, ANEWS24X7: মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ ঘন অৰণ্যত বৃহৎ অভিযান বাক্সা আৰক্ষীৰ আৰু অৰ্ধ সামৰিক বাহিনীৰ। ২৬ জানুৱাৰীৰ গণতন্ত্ৰ দিৱসত কোনো দুস্কৃতিকাৰী বা কোনো উগ্ৰপন্থী সংগঠনে যাতে ভাৰত বিৰোধী কাৰ্যকলাপ চলাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চলোৱা হৈছে এই অভিযান ।
ইপিনে বিটিআৰত নতুনকৈ এটা উগ্ৰপন্থী সংগঠন জন্মৰ উক্ মুকনি চলি থকাৰ সময়তে আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ এই অভিযানে বহন কৰিছে বিশেষ তাৎপৰ্য। এই অভিযানত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ দলটোৱে কোনো বিশেষ সফলতা লাভ নকৰিলেও মানাহৰ ভিতৰ চ’ৰাত ৰাখিছে তীক্ষ্ণ দৃষ্টি।
উল্লেখ্য যে ইয়াৰ পুৰ্বেও মানাহৰ অন্তৰীক্ষত আৰক্ষী, সেনা আৰু অৰ্ধ সামৰিক বাহিনীয়ে চলাইছিল অভিযান ।