ডিজিটেল ডেস্ক, ANEWS24X7: শিক্ষা বিভাগত বৃহৎ নিযুক্তি ৷ ২৩ ছেপ্টেম্বৰত শিক্ষা বিভাগে নিযুক্তি প্ৰদান কৰিব ৪,৭১৭ গৰাকী শিক্ষকক ৷ বিদ্যালয় শিক্ষাৰ অধীনত ৩,৮১১ গৰাকী , উচ্চ শিক্ষাত ৮০৩ গৰাকী আৰু কাৰিকৰি শিক্ষাত ১০৩ গৰাকীক নিযুক্তি প্ৰদান কৰা হ’ব । আনহাতে ৭১২ গৰাকী কলেজ শিক্ষককো নিযুক্তি প্ৰদান কৰা হ’ব ৷ মঙলবাৰে এক সংবাদমেল যোগে এই কথা ঘোষণা কৰে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৷
শিক্ষা মন্ত্ৰী গৰাকীয় লগতে কয় যে , ‘‘ ৰাজ্যৰ শিক্ষা ক্ষেত্ৰত ২০১১ চনৰ পৰা ব্যাপক পৰিৱৰ্তন আহিছে । ২০১১ চনৰ পৰা বৰ্তমানলৈকে ২ লাখতকৈ অধিক শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছে ৷ শিক্ষা বিভাগে এই সন্দৰ্ভত দুমাহৰ ভিতৰত এখন শ্বেতপত্ৰ মুকলি কৰিব ।’’
ইয়াৰ ওপৰিও শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ভিক্টৰ দাসক নিলম্বন কৰা সন্দৰ্ভটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ শিক্ষামন্ত্ৰী গৰাকীয়ে কয় যে ,‘‘ভিক্টৰ দাসক নিয়ম অনুসৰি নিলম্বন কৰা হৈছে । ৪৮ ঘণ্টা আৰক্ষীৰ জিম্মাত থাকিলেই নিলম্বিত কৰা হ’ব । ভিক্টৰ দাসৰ বিৰুদ্ধে বিভাগীয় তদন্ত কাৰ হ’ব