Thursday, November 7, 2024
Homeঅসমশেষৰটো ফোনকল, অ’মা পঢ়ি আছো ৰ’বা, তুমি কি কৰিছা?

শেষৰটো ফোনকল, অ’মা পঢ়ি আছো ৰ’বা, তুমি কি কৰিছা?

ডিজিটেল ডেস্ক, anews24x7: জালুকবাৰীৰ এক শোকাৱহ দুৰ্ঘটনা । য’ত প্ৰাণ গ’ল ৭ জন ছাত্ৰৰ। অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৭ ছাত্ৰৰ থিতাতে মৃত্যু হয় । নিহত ছাত্ৰ কেইজন মঙলদৈৰ কৌশিক বৰুৱা, শিৱসাগৰৰ কৌশিক মোহন, মাজুলীৰ ৰাজ কিৰণ ভূঞা, ডিব্ৰুগড় ইমন বৰুৱা, গুৱাহাটীৰ অৰিন্দম ভোৱাল, নগাঁৱৰ উপাংশু শৰ্মা আৰু গুৱাহাটীৰ নিয়ৰ ডেকা। ইপিনে ইমন বৰুৱাৰ ঘৰ ডিব্ৰুগড়ৰ নিজ মানকটাৰ ৫নং পথৰ সমীপত।

ইমনৰ দেউতাকৰ নাম সঞ্জীৱ লোচন বৰুৱা, মাকৰ নাম ত্ৰিবেণী বৰুৱা। মৃত্যুৰ পূৰ্বে নিশা ১০.৩০ বজাত মাতৃৰ সৈতে কথা পাতিছিল ইমনে। পৰীক্ষা বাবে পঢ়ি থকা বুলিও জনাইছিল মাতৃক। সেয়াই আছিল ইমনৰ শেষ ফোন কল। ইমানেই নহয় অতি মেধাৱী ছাত্ৰ আছিল ইমন।

প্ৰথমে অৰুণাচলত পঢ়াৰ বিপৰীতে বিবেকানন্দ কেন্দ্রীয় বিদ্যালয়ত স্কুলীয়া শিক্ষা শেষ কৰি চল্ট ব্ৰুক একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকত উত্তীর্ণ হৈ ২০২১ বৰ্ষত পঢ়িবলৈ গৈছিল অসম অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ। অতি অমায়িক আৰু মেধাসম্পন্ন আছিল ইমন।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments