ডিজিটেল ডেস্ক, ANEWS24X7: ৰাষ্ট্ৰীয় ক্ৰীড়া ক্ষেত্ৰত পুনৰ উজ্জ্বলি উঠিল অসমৰ লাভলীনা বৰগোঁহাই আৰু অংকুশিতা বড়ো ৷
গুজৰাটত অনুষ্ঠিত ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত স্বৰ্ণ পদক অৰ্জন কৰিছে অসমৰ দুয়োগৰাকী মহিলা বক্সাৰে ৷ লাভলীনা বৰগোঁহাইয়ে ৭২-৭৫ কেজি শাখাত হাৰিয়ানৰ ছ্যুইটীক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে ৷ অনহাতে অসমৰ আন এগৰাকী বক্সাৰ অংকুশিতা বড়োৱে ৬৬ কেজি শাখাত মণিপুৰৰ এলিনাক পৰাস্ত কৰি স্বৰ্ণ পদক অৰ্জন কৰিছে ৷
উল্লেখ্য যে গুজৰাটত অনুষ্ঠিত হোৱা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত বৰ্তমানলৈকে অসমে ৯ টা স্বৰ্ণ পদক , ১০ টা ৰূপৰ পদক আৰু ৯ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে ৷ বৰ্তমানলৈকে মুঠ ২৮ টা পদকেৰে পদক তালিকাৰ চতুৰ্থ স্থানত আছে অসম ৷