Wednesday, July 9, 2025
Homeআন্তঃৰাষ্ট্ৰীয়কিংবদন্তী ফুটবলাৰ পেলেৰ দেহাৱসান

কিংবদন্তী ফুটবলাৰ পেলেৰ দেহাৱসান

ডিজিটেল ডেস্ক, ANEWS24X7: ব্ৰাজিলৰ কিংবদন্তী ফুটবল খেলুৱৈ পেলেৰ দেহাৱসান ৷ ৮২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে মহান ফুটবলাৰ গৰাকীয়ে ৷ পেলেৰ নেতৃত্বত ব্ৰাজিলে ১৯৫৮ ,১৯৬২ আৰু ১৯৭০ চনত বিশ্বকাপ জয় কৰিছিল ৷

১৯৪০ চনৰ ২৩ অক্টোবৰত জন্মগ্ৰহণ কৰিছিল এডছন আৰান্তেছ ডো নাছিমেণ্টোৱে ৷ সমগ্ৰ বিশ্বই এডছন আৰান্তেছ ডো নাছিমেণ্টোক ‘পেলে’ নামেৰে জানে। পিতৃৰ পৰা ফুটবল শিকা পেলেই তিনিবাৰকৈ বিশ্বজয় কৰিবলৈ সক্ষম হৈছিল।১৬ বছৰ বয়সত ব্ৰাজিলৰ ৰাষ্ট্ৰীয় দলত অন্তৰ্ভুক্ত হৈছিল পেলে । পেলে ৯৫খন মেচত ৭৭ গ’ল কৰিছে। ফিফাৰ দ্বাৰা তেওঁক ‘দ্য গ্ৰেটেষ্ট’ নামেৰে বিভূষিত কৰা হৈছিল।

কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল পেলে। দীৰ্ঘদিন ধৰি তেওঁৰ কেমোথেৰাপি চলি আছিল ৷ ২৯ নৱেম্বৰত শ্বাস–প্ৰশ্বাসত কষ্ট পোৱাৰ পিছতে ছাও পাওলোৰ হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ৮২ বছৰ বয়সত অন্তিম নিশ্বাস ত্যাগ কৰে পেলে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments