ডিজিটেল ডেস্ক, ANEWS24X7: ২০২২ত কাজিৰঙাত নিধন হোৱা নাই এটাও গঁড় ৷ কাজিৰঙাৰ এই শুভ সংবাদে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লাভ কৰিছে বিশেষ চৰ্চা ৷ শেহতীয়াকৈ গঁড় সংৰক্ষণৰ বাবে অসম চৰকাৰক প্ৰশংসা কৰিছিল হলীউডৰ বিখ্যাত অভিনেতা লিঅ’নাৰ্ড’ডিকেপ্ৰিঅ’ই ৷
ইপিনে ইনষ্টাগ্ৰামযোগে লিঅ’নাৰ্ড’ই গঁড় সংৰক্ষণৰ বাবে চৰকাৰক প্ৰশংসা কৰিছিল লগতে এই গঁড় সংৰক্ষণৰ প্ৰশংসাৰ পিছতে লিঅ’নাৰ্ড’ডিকেপ্ৰিঅ’ই লাভ কৰিছে অসমলৈ আমন্ত্ৰণ ৷ হলীউডৰ অভিনেতাজনে গঁড়ৰ চোৰাং চিকাৰ বন্ধ কৰাৰ প্ৰচেষ্টাৰ বাবে ৰাজ্য চৰকাৰক প্ৰশংসা কৰাৰ পাছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লিঅ’নাৰ্ড’ডিকেপ্ৰিঅ’ক এশিঙীয়া গঁড়ৰ বাবে পৃথিৱীবিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনায়।
ইপিনে এক ইনষ্টাগ্ৰাম পোষ্টত ডিকেপ্ৰিঅ’ই লিখিছিল যে ২০২১ চনত আৰম্ভ হোৱা অসম চৰকাৰৰ প্ৰচেষ্টা পৰৱৰ্তী বছৰত সফলতাত উপনীত হৈছিল যেতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কোনো গঁড় চিকাৰ কৰা হোৱা নাছিল। লিঅ’নাৰ্ড’ৰ ইনষ্টাগ্ৰাম পোষ্টটোৰ পাছতেই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই লগতে তেওঁ লিখিছে যে বন্যপ্ৰাণী সংৰক্ষণ আমাৰ সাংস্কৃতিক পৰিচয়ৰ অবিচ্ছেদ্য অংশ। আমি আমাৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যক সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে সমৰ্পিত।