ডিজিটেল ডেস্ক, A NEWS 24×7 : নগাঁও বাইপাছ ৰোডত শোকাৱহ ঘটনা। দেওবাৰে নিশা এখন বাহনৰ খুন্দাত মৃত্যু এটি নাহৰফুটুকীৰ।
জানিব পৰা মতে, বাইপাছ পথত নাহৰফুটুকীটোৱে পথটো পাৰ হ’বলৈ যাওতে বাহনখনে খুন্দা মাৰে। থিতাতে মৃত্যু হয় নাহৰফুটুকীটোৰ।
ঘটনাস্থলীত বন বিভাগৰ দল উপস্থিত হৈ নাহৰফুটুকীটোৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।
।