ডিজিটেল ডেস্ক, ANEWS24X7: শিলিখা আমাৰ সকলোৰে এক পৰিচিত বনৌষধ ৷ শিলিখা স্বাস্থ্যৰ বাবে অতি উপকাৰী ৷ ইয়াৰ গছডাল সাধাৰণতে মধ্যমীয়া আকাৰৰ ৷ গছডাল ৩০ মিটাৰলৈকে ওখ হয় ৷ শিলিখাৰ বৈজ্ঞানিক নাম টাৰমিনেলিয়া চিবুলা । শিলিখাক কেঁচা বা শুকান গুৰি কৰি সংৰক্ষণ কৰিব পৰা যায় ৷
শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে ডায়েবেটিছ ৰোগ নিৰাময় কৰে ৷ ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে ৷ ইপিনে শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰে ৷ হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনক ৷ শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়৷ শিলিখাই আমাৰ এচিডিটি নাশ কৰে ৷ কেতিয়াবা আভোক লাগিলে শিলিখা খালে ভোক বৃদ্ধি হয় ৷ পেচাব জ্বলা-পোৰা কৰিলে শিলিখা চূৰ্ণ খালে নিৰাময় হয় ৷
ডিঙিৰ বিষ, মাত ভঙা আদিত মৌৰ লগত শিলিখাৰ গুৰি খালে ৰোগ উপশম হয় ৷ পাইলচ বা অৰ্শ ৰোগীয়ে দিনটোত এটাকৈ হ’লেও শিলিখা খোৱাটো অত্যন্ত দৰকাৰ; তেনে কৰিলে বহুখিনি সুফল পাব পাৰে ৷ আনহাতে শৌচ খোলোচা নোহোৱা, খজুৱতি, পেট ফুলা আদি ৰোগৰ বাবে শিলিখা উত্তম পথ্য৷ শিলিখাই শাৰীৰিক আৰু মানসিক শক্তি বৃদ্ধিত সহায় কৰে। সেয়েহে আহক, আমাৰ শৰীৰ-মনৰ বাবে অতি উত্তম পথ্য শিলিখা দিনটোত অতিকমেও এটাকৈ হ’লেও গ্ৰহণ কৰোঁ।
শিলিখাৰ উপকাৰিতা
১) শিলিখাই স্মৃতিশক্তি বৃদ্ধি কৰে
২) ডায়েবেটিছ ৰোগ নিৰাময় কৰে
৩) ই শৰীৰত কলেষ্টৰেলৰ মাত্ৰা সমতুল কৰিব পাৰে
৪)শিলিখাৰ ৰসে পাচন প্ৰণালী বিশুদ্ধ কৰি ৰাখে
৫) হৃদযন্ত্ৰৰ বিভিন্ন ৰোগৰ বাবে শিলিখা লাভজনক
৬)শিলিখাৰ পানী বহু সময় উতলাই সেই পানী সেৱন কৰিলে মুখ আৰু জিভাৰ ৰোগ নিৰ্মূল হয়