Monday, July 7, 2025
Homeআন্তঃৰাষ্ট্ৰীয়মষ্ট ৱান্টেড সন্ত্ৰাবাদী মাছুদ আজহাৰক বিচাৰি আফগানিস্তানলৈ পত্ৰ

মষ্ট ৱান্টেড সন্ত্ৰাবাদী মাছুদ আজহাৰক বিচাৰি আফগানিস্তানলৈ পত্ৰ

ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মাছুদ আজহাৰক বিচাৰি আফগানিস্তানলৈ পত্ৰ ৷ সন্ত্ৰাসবাদী সংগঠন জৈছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাক গ্ৰেপ্তাৰ কৰিবলৈ আফগানিস্তান চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে পাকিস্তান চৰকাৰে ৷ ইয়াৰ পিছতে আফগানিস্তানৰ তালিবান চৰকাৰে পাকিস্তানৰ পত্ৰৰ তাৎক্ষনিক উত্তৰ দি কয় যে মৌলানা মাছুদ আজহাৰ আফগানিস্তানত নাই ৷ বৃহস্পতিবাৰে এই কথা স্পষ্ট কৰে তালিবান চৰকাৰে ৷ আফগানিস্তান চৰকাৰে এই সন্দৰ্ভত পাকিস্তানে কৰা অভিযোগ খাৰিজ কৰে ৷ তালিবান চৰকাৰৰ মুখপাত্ৰ জাবিউল্লাহ মুজাহিদে কয় যে ,‘‘ মাছুদ আজাহাৰ আফগানৰ ভূমিত নাই ৷ আমি এইটো কথা স্পষ্ট কৰিছো ৷’’

পাকিস্তানে শেহতীয়াকৈ আফগানিস্তানলৈ প্ৰেৰণ কৰা পত্ৰখনত দাবী কৰিছিল যে , ‘‘ জৈছ-ই-মহম্মদৰ মুৰব্বী মৌলানা মাছুদ আজহাৰ আফগানিস্তানৰ নানগাৰহাৰ বা কুনাৰ অঞ্চলত আত্মগোপন কৰি আছে । আফগানিস্তান চৰকাৰে মাছুদক গ্ৰেপ্তাৰ কৰি পাকিস্তানৰ হাতত গতাই দিব লাগে ৷’’ আনহাতে আফগানিস্তানত ভাৰতৰ মষ্ট ৱান্টেড সন্ত্ৰাসবাদী মৌলানা মাছুদ আজহাৰ আছে বুলি পাকিস্তান চৰকাৰে কৰা দাবীক বিশ্বাসত লব পৰা নাই ভাৰত চৰকাৰে ৷ ভাৰতৰ চোৰাংচোৱা সংস্থা সমূহৰ মতে মাছুদ আদহাৰ পাকিস্তানৰ বাহাৱালপুৰত আছে ৷ আন এটা সূত্ৰৰ মতে পাকিস্তানৰ ৰাৱালপিণ্ডিৰ এখন চিকিৎসালয়ত আইএছআইৰ তত্বাৱধানত সুৰক্ষিত হৈ আছে ৷

 


উল্লেখ্য যে ২০২১ বৰ্ষত পাকিস্তানৰ গুজৰানৱালাৰ সন্ত্ৰাসবাদ বিৰোধী আদালতে জৈশ-ই-মহম্মদৰ মৰব্বী মৌলানা মাছুদ আজহাৰৰ লগতে আন কেইবাজনো উগ্ৰপন্থীৰ বিৰুদ্ধে ধ্বংসাত্মক পুঁজি যোগান ধৰাৰ অভিযোগত গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছিল । কিন্তু পাকিস্তান চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments