Sunday, July 6, 2025
Homeঅসমবাক্সা আৰু তামুলপুৰত সুৰা নিষিদ্ধ দিৱস ঘোষণা

বাক্সা আৰু তামুলপুৰত সুৰা নিষিদ্ধ দিৱস ঘোষণা

ডিজিটেল ডেস্ক, ১ জুন, ২০২৪ : যোৱা ২৬ এপ্ৰিল আৰু ৭ মে’ত ক্ৰমে ৪ নং দৰং-ওদালগুৰি লোকসভা সমষ্টি আৰু এক নং কোকৰাঝাৰ (জনজাতি) লোকসভা সমষ্টিৰ অন্তৰ্গত ৪৩ নং তামুলপুৰ (জনজাতি), ৪৪ নং গোৰেশ্বৰ, ৪১ নং মানস আৰু ৪২ নং বাক্সা বিধানসভা সমষ্টিৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত অহা ৪ জুন, ২০২৪ত মুছলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ভোটগণনা অনুষ্ঠিত হ’ব।

উক্ত দিনাখন ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বাক্সা নিৰ্বাচনী জিলাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা দণ্ডাধীশ কৃষ্ণা বৰুৱাই সমগ্র বাক্সা নিৰ্বাচনী জিলাখনত “সুৰা নিষিদ্ধ দিন” (ড্ৰাই ডে’) ঘোষণা কৰিছে। উক্ত সময়ছোৱাত সকলোধৰণৰ নিচাযুক্ত দ্ৰব্য সেৱন, বিক্ৰী, মজুতকৰণ আদিৰ ক্ষেত্ৰত ভাৰতীয় দণ্ডবিধিৰ ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা জাৰি কৰা হৈছে। এইক্ষেত্ৰত জিলা দণ্ডাধীশগৰাকীয়ে বাক্সা আৰু তামুলপুৰৰ আৰক্ষী অধীক্ষকলৈও এই নিৰ্দেশনা কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে বুলি তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জনাইছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments