ডিজিটেল ডেস্ক, A NEWS 24×7 : মহানগৰবাসীয়ে দুদিনীয়াকৈ উদযাপন কৰিলে হোলী। আবিৰৰ ৰঙেৰে একাকাৰ হ’ল মহানগৰবাসীৰ মন, হৃদয়।
কিন্তু, এই হোলীত মহানগৰীবাসীয়ে পুনৰ সৃষ্টি কৰিলে এক অভিলেখ। হোলীত মহানগৰীত সুৰাৰ বিক্ৰীৰ নতুন অভিলেখ। ফাকুৱাৰ দুটা দিনত বিক্ৰী হ’ল ১০ কোটিতকৈও অধিক টকাৰ সুৰা।
গুৱাহাটীত ৭ মাৰ্চত ৯ কোটি ৫৮ লাখ টকাৰ সুৰা বিক্ৰী হোৱাৰ বিপৰীতে ৮ মাৰ্চত বিক্ৰী হৈছে ১ কোটিৰো অধিক টকাৰ সুৰা। প্ৰায় ১০ কোটি টকাৰ সুৰা বিক্ৰীৰে মহানগৰীত হোলীত আবকাৰী বিভাগে গঢ়িলে অভিলেখ।
হোলীৰ আনন্দৰ মাজতে মহানগৰীত আৰক্ষী প্ৰশাসনে ভিন্ন প্ৰান্তত সুৰাসক্ত চালকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছিল। সুৰাসক্ত চালকৰ পৰাও মোটা অংকৰ জৰিমনা লাভ কৰিছে আৰক্ষীয়ে।