ডিজিটেল ডেস্ক, ANEWS24X7: অৱশেষত সপোন পূৰ্ণ হ’ল লিটল ষ্টাৰ আজিম মনছুৰীৰ ৷ দৰাৰ সাজত দেখা গ’ল আজিম মনছুৰীক ৷ বুধবাৰে বুশৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় মনছুৰী ৷ কম উচ্চতাৰ বাবে উত্তৰ প্ৰদেশৰ ছামলী জিলাৰ কাছাবা কৈৰানাৰ বাসিন্দা আজিম মুনছুৰীৰ বিবাহ হোৱা নাছিল ৷ যাৰ ফলত চিন্তাত পৰিছিল ২.৫ ফুট উচ্চতাৰ মানছুৰী ৷
চিন্তিত মানছুৰী সহায় বিচাৰি কাষ চাপিছিল আৰক্ষীৰ ৷ বিবাহ যোগ্য কন্যা বিচাৰি উলিয়াবৰ বাবে ছামলীৰ মহিলা আৰক্ষী থানা আৰু কৈৰানা আৰক্ষী থানাত আবেদন জনাইছিল ৷ বিবাহ যোগ্য প্ৰাৰ্থী বিচাৰি তদানিন্তন মুখ্যমন্ত্ৰী অখিলেশ যাদৱৰো সহায় বিচাৰিছিল ৷ যোগ্য বিবাহ প্ৰাৰ্থী বিচাৰি নাপাই সংবাদ মাধ্যমৰো সহায় লৈছিল ৷ইয়াৰ পিছতে বিয়াপতাৰ হেঁপাহৰ বাবে ছ’চিয়েল মেডিয়াত ষ্টাৰ হৈ পৰিছিল মানছুৰী৷
অৱশেষত মানছুৰীয়ে বিচাৰি পালে জীৱন সংগী ৷ উত্তৰ প্ৰদেশৰ হাপুৰ জিলাৰ ৩ ফুট উচ্চতাৰ বুশৰাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আজিম ৷ ৭ নৱেম্বৰত দুয়োৰে বিবাহৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও বিবাহৰ নিৰ্ধাৰিত দিনৰ পূৰ্বে কন্যাঘৰত উপস্থিত হয় দৰা ৷ নিৰ্ধাৰিত দিনৰ পূৰ্বে অৰ্থাত ২ নৱেম্বৰ তাৰিখে বিবাহপাশত আৱদ্ধ হয় দুয়ো ৷ দুয়োৰে বিবাহত শুভকামনা জনাইছে অনুৰাগী সকলে ৷