Wednesday, March 11, 2026
Homeআন্তঃৰাষ্ট্ৰীয়ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ লুই ইনাছিঅ’ লুলা দা ছিলভাৰ

ব্ৰাজিলৰ নতুন ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ লুই ইনাছিঅ’ লুলা দা ছিলভাৰ

 

ডিজিটেল ডেস্ক, ANEWS24X7: দেওবাৰে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰলে লুই ইনাছিঅ’ লুলা দা ছিলভাই ৷ ছিলভাই তৃতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে ৷ শপত গ্ৰহণ কৰাৰ পিছত ছিলভাই ব্ৰাজিলক পুনৰ নিৰ্মাণ কৰি পৰিৱেশ আৰু দৰিদ্ৰৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷

শপত গ্ৰহণৰ অনুষ্ঠানত ব্ৰাজিলৰ প্ৰয়াত কিংবদন্তি ফুটবলাৰ পেলে আৰু পোপ ষোড়শ বেনেডিক্টৰ সন্মানত এক মিনিট মৌন প্ৰাৰ্থনা কৰে ৷ ছিলভাই ইয়াৰ পূৰ্বে ২০০৩ চনৰ পৰা ২০১০ চনলৈ ব্ৰাজিলৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

শপতগ্ৰহণ অনুষ্ঠানত ছিলভাৰ পত্নী ফাৰ্ষ্ট লেডী ৰোজাঞ্জেলা জাঞ্জা দা চিলভা আৰু উপ-ৰাষ্ট্ৰপতি জেৰাল্ডো আলচমিন উপস্থিত থাকে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments