ডিজিটেল ডেস্ক, ANEWS24X7: দেশৰ প্ৰতিৰক্ষা বাহিনীৰ নতুন মূৰব্বী নিযুক্তি।কেন্দ্ৰীয় চৰকাৰে অৱসৰপ্ৰাপ্ত লেফেটেনেণ্ট জেনেৰেল অনিল চৌহানক নতুন চীফ অফ ডিফেঞ্চ ষ্টাফ হিচাপে নিয়ুক্তি দিয়ে।
ভাৰত চৰকাৰৰ সামৰিক পৰিক্ৰমা বিভাগৰ সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিব লেফেটেনেণ্ট জেনেৰেল অনিল চৌহানে। প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে এই তথ্য৷
উল্লেখ্য যে, অনিল চৌহানে ২০২১ ৰ মে’ মাহত ইষ্টাৰ্ণ কামাণ্ড চীফ হিচাপে অৱসৰ গ্ৰহণ কৰিছিল ।জন্মু-কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ সন্ত্ৰাসবাদ বিৰোধী বহু সফল অভিযানৰ তদাৰক কৰিছিল লেফেটেনেণ্ট জেনেৰেল চৌহানে। হেলিকপ্টাৰ দুৰ্ঘটনাত চীফ অৱ ডিফেন্স ষ্টাফ বিপীন ৰাৱাটৰ মৃত্যুৰ পিছত খালী আছিল চীফ অৱ ডিফেন্স ষ্টাফ পদ। কেন্দ্ৰীয় চৰকাৰৰ অনুমোদনৰ পিছতে নিযুক্তি দিয়া হয় অনিল চৌহানক ৷