ডিজিটেল ডেস্ক A NEWS 24X7: ৰাজ্যত শেহতীয়াকৈ আছুৰ নেতৃত্বত আৰম্ভ হোৱা ‘কা’ আন্দোলন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতিয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে ৷ গগৈয়ে ‘কা’ আন্দোলন সন্দৰ্ভত কয় যে , “উত্তৰ–পূব ছাত্ৰ সংগঠন ‘নেছ’ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চলত আৰম্ভ কৰা ‘কা’ বিৰোধী সংগ্ৰামলৈ অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব।
‘কা’ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাইজে কেতিয়াও মনা নাছিল আৰু ভবিষ্যতেও মানিব নোৱাৰে। কাৰণ ‘কা’ জাপি দি কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজক অন্যায় কৰিছে। অসম আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ সকলো মুখ্যমন্ত্ৰীয়ে ‘কা’ৰ বিৰোধিতা কৰিছিল । চৰকাৰে গণতান্ত্ৰিক আন্দোলনক ভয় কৰে আৰু সেই বাবে ‘কা’ বিৰোধী আন্দোলন মষিমুৰ কৰিবৰ আৰক্ষী মোতায়ন কৰিছে ।”