“পথাৰৰ লখিমীৰে ভঁৰাল ভৰিল, আকৌ আহি পালেহি হেঁপাহৰ ভোগালী…”
অসমৰ জাতীয় বৰপথাৰত এতিয়া ভোগালীৰ উলাহৰ ধল । সোণোৱালী পথাৰৰ নৰা আৰু বাৰীৰ ঢাপৰ বাহঁ কাটি বৰ্নিল ভেলাঘৰ সাজিছে গাৱঁৰ ৰাইজে মিলি ভোগালীৰ ফেহুঁজালিত । ভেলাঘৰৰ দাঁতিত বিভিন্ন আকাৰ আৰু প্ৰকাৰৰ মেজিও জিলিকি উঠিছে । পাহাৰ ভৈয়ামৰ কলা কৃষ্টিৰ বৰ্ণাঢ্য ভঁৰালৰ গৰিমামণ্ডিত মুকুতাৰ মালা লৈ ভোগালীৰ পুৱা মেজিৰ দীপ্ত আভাৰে অসমী আইৰ সেওঁতা উজলাবলৈ পুহ মহীয়া শীতৰ বোকোচাত উঠি আহিছে হেঁপাহৰ মাঘ বিহু । উখল মাখল অসমীয়াৰ পথাৰ চোতাল, নাই যেন কতো দম্ভ অহংকাৰ ।
দোমাহীৰ ঢলপুৱাত গা ধুই “আঘোণ-পুহ গ’ল, মেজিৰ জুই ৰজা হ’ল” ধ্বনিৰে ঐশ্বৰ্যশীল অত্যুজ্জ্বল পৰম্পৰাৰ ঐক্যতানেৰে মেজি জ্বলাই পৱিত্ৰ মেজিৰ বেদীত অগ্নি দেৱতাক সেৱা জনাই গ্ৰাম্য জীৱন পৰিক্ৰমাৰ গৌৰৱোজ্জ্বল পৰম্পৰাৰে সমৃদ্ধ গাৱঁৰ বুকুত সোণালী শলিতা জ্বলাই জীৱন প্ৰৌজ্জ্বল কৰি ৰখা সৰলমনা গ্ৰাম্য সমাজে অগ্নি দেৱতাৰ শ্ৰী চৰণত সেৱা জনাই প্ৰাৰ্থনা কৰে –
চাউল, তামোল-পাণ, মাহজাতীয় শস্য, ঘিউ আৰু পিঠাৰ নৈবদ্য দি সূৰ্য-দেৱতাক সেৱা জনোৱা হয়। মেজিৰ জুইয়ে সকলো অসূয়া-অশান্তি দহি সুখ-সমৃদ্ধি কঢ়িয়াই আনে বুলি বিশ্বাস কৰে প্ৰতিগৰাকী অসমীয়াই। লগতে মেজিৰ জুইত সকলো অপায়-অমংগল, দুখ-দুৰ্দশা নাশ কৰাৰ বাবে ৰাইজে জনালে প্ৰাৰ্থনা।
