ডিজিটেল ডেস্ক, ৫ডিছেম্বৰ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে দেৱেন্দ্ৰ ফাড়নবিছে। প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰিলে বিজেপি নেতাগৰাকীয়ে। বিজেপি নেতা দেৱেন্দ্ৰ ফাড়নবিছে বৃহস্পতিবাৰে মুম্বাইৰ আজাদ ময়দানত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ কৰে। সুদীৰ্ঘ পাঁচ বছৰৰ পাছত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে উভতি আহিছে দেৱেন্দ্ৰ ফাডনবিছে। এই শপতগ্ৰহণ অনুষ্ঠানতে একনাথ সিন্দে আৰু অজিত পাৱাৰে ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে।
শপতগ্ৰহণ অনুষ্ঠানত মহাযুটি নেতাসকলৰ সৈতে মঞ্চত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং আৰু জে পি নড্ডা আৰু অন্যান্য শীৰ্ষ বিজেপি নেতাসকল উপস্থিত থাকে। অনুষ্ঠানটোত শ্বাহৰুখ খান, ছলমান খান আৰু ৰণবীৰ কাপুৰকে ধৰি বলীউডৰ শীৰ্ষ তাৰকাসকলো উপস্থিত থাকে। উদ্যোগপতি মুকেশ আম্বানী, অনিল আম্বানী, অনন্ত আম্বানী আৰু কুমাৰ মংগলম বিৰলাও উপস্থিত থাকে এই শপতগ্ৰহণ অনুষ্ঠানত।