ডিজিটেল ডেস্ক, ANEWS24X7: আজি মহাষষ্ঠী৷আজিৰে পৰা আৰম্ভ হৈছে শাৰদীয় দুৰ্গোৎসৱ৷ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ মহানগৰ গুৱাহাটিতো উদযাপন কৰা হৈছে দুৰ্গোৎসৱ ৷ এইবাৰ মহানগৰী গুৱাহাটীত পাঁচ শতাধিক পূজা মণ্ডপত দেৱী দুৰ্গাৰ আৰাধনাৰ বাবে সাজু কৰা হৈছে৷ বিগত কেইটামান সপ্তাহ ধৰি চলা প্ৰস্তুতিৰ অন্তত আজিৰ পৰা পূজা মণ্ডপ সমূহত মন্ত্ৰোচ্চাৰণেৰে দেৱী পূজা আৰম্ভ কৰা হৈছে৷
সন্ধিয়াৰে পৰা পূজা মণ্ডপসমূহত ভক্তৰ লানি নিচিঙা ভিৰ দেখিবলৈ পোৱা গৈছে ৷ কোভিডকালীন পৰিস্থিতিৰ পিছত প্ৰথমবাৰৰ বাবে মুকলিমুৰীয়াকৈ অনুষ্ঠিত হোৱা এইবাৰৰ শাৰদীয় দুৰ্গাপূজাত যথেষ্ট ভিৰ দেখা গৈছে ৷
পূজাৰ দিনকেইটাত যানজঁটৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰীৰ যান-বাহন আৰক্ষীয়ে বাহন চলাচলৰ পথ নিৰ্দেশনা কিছু সলনি কৰিছে। বহু পূজাস্থলীত ভক্ত সকলৰ মনোৰঞ্জনৰ বাবে পৰম্পৰাগত লোকনাট্য, ওজাপালিকে ধৰি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।