ডিজিটেল ডেস্ক ANEWS24X7: আজিৰ পৰা পুনৰ আৰম্ভ হৈছে অফলামুখ নিমাতীৰ মাজৰ ফেৰী সেৱা । ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি আৰু নদীত কাঠ আৰু জাবৰ উটি অহাৰ বাবে যোৱা ৫ চেপ্তেম্বৰৰ পৰা বন্ধ হৈ আছিল মাজুলী নিমাতী ফেৰী সেৱা । মঙলবাৰৰ পৰা ব্ৰহ্মপুত্ৰ নদীৰ পানী হ্ৰাস পোৱাৰ বাবে পুনৰ আৰম্ভ হৈছে মাজুলী নিমাতীৰ মাজত চলাচল কৰা হৈছে এই ফেৰী সেৱা ।
মাজুলীৰ অফলামুখ ঘাটৰ পৰা ইতিমধ্যে আজি এখন ফেৰী নিমাতী অভিমুখে ৰাওনা হৈছে ঠিক তেনেদৰে নিমাটী ঘাটৰ পৰা এখন ফেৰী মাজুলী অভিমুখে আহিছে । যদি পানী এনেদৰে হ্ৰাস পাই থাকে বৃস্পতিবাৰৰ পৰা পুনৰ পূৰ্বৰ সময় সুচী অনুসৰি ফেৰী সেৱা চলাচল কৰিব ।
উল্লেখ্য যে মঙলবাৰে অহা এজাক মুষলধাৰ বৰষুণৰ ফলত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ ফলত সাময়িক ভাবে গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা বাতিল কৰা হৈছে ৷