ডিজিটেল ডেস্ক ANEWS24X7: আজি ৮ ছেপ্টেম্বৰ ৷ আজিৰ দিনটোতে এবছৰৰ পূৰ্বে এক ফেৰী দুৰ্ঘটনাত পতিত হৈ মৃত্যুক সাৱতি হৈছিল মাজুলী ৰঙাচাহি মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসে । আজিৰ এই দিনটোত প্ৰৱক্তা পৰিমিতা দাসৰ স্মৃতিত এক শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত কৰে মাজুলীৰ ৰঙাচাহি মহাবিদ্যালয় কৰ্তৃপক্ষয় ৷
মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীয়ে প্ৰয়াত পৰিমিতা দাসৰ প্ৰতিছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ৷ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত প্ৰয়াত পৰিমিতা দাসক স্মৰণ কৰি চকুলো সেমেকি উঠে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গৰ । কান্দোনত ভাগি পৰে সহকৰ্মী সকল ।
উল্লেখ্য যে নিমাতীঘাটৰ পৰা কমলাবাৰী ঘাটলৈ গৈ আছিল মা কমলা আৰু নিমাতীঘাট অভিমুখে আহি থকা টিপকাই নামৰ ফেৰীখনৰ মাজত হোৱা সংঘৰ্ষৰ ফলত এই শোকাবহ ফেৰী দুৰ্ঘটনাটো সংঘটিত হৈছিল ৷ এই দুৰ্ঘটনাটোৰ ফলত নাওবৈচাৰ ৰামপুৰৰ ইন্দ্ৰেশ্বৰ বৰা , গড়মূৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা আৰু ৰঙাচাহি মহাবিদ্যালয়ৰ প্ৰবক্তা পৰিমিতা দাসে কৰুণ মৃত্যুক সাৱতি ল’ব লগা হৈছিল ৷