Sunday, July 6, 2025
Homeঅসমমাকুম চহৰৰ ৰেলৱে ভূমিত অৱস্থিত দোকান সমুহ খালী কৰাৰ জাননী

মাকুম চহৰৰ ৰেলৱে ভূমিত অৱস্থিত দোকান সমুহ খালী কৰাৰ জাননী

ডিজিটেল ডেস্ক, ৪ডিছেম্বৰ: তিনিচুকীয়া জিলাৰ মাকুম চহৰত ৰেলৱে ভূমিত যুগ-যুগ ধৰি দোকান পোহাৰ দি ব্যৱসায় কৰি থকা সকললৈ আহিল ৰেলৱে বিভাগৰ উচ্ছেদৰ জাননী, জাননী অহাৰ পাছতে কিছুদিন পূৰ্বে মাকুম পৌৰ সভাৰ সৈতে ব্যৱসায়ী সকলে আলোচনাত মিলিত হৈছিল,ব্যৱসায়ী সকলৰ ভাষ্য অনুসৰি উক্ত আলোচনাত মাকুম পৌৰ সভাৰ তৰফৰ পৰা ব্যৱসায়ী সকলে ২০২৫ চনলৈ কোনো ধৰণৰ চিন্তা কৰিবলৈ নালাগে বুলি আশ্বাস প্ৰদান কৰিছিল,

কিন্তু উল্লেখযোগ্য বিষয় যে আজি পুনৰ ৰেলৱে বিভাগৰ লোক আহি উক্ত স্থানত উপস্থিত হৈৰেলৱে বিভাগৰ কৰ্তৃপক্ষ,মাকুম পৌৰ সভাৰ পৌৰ পতি বিপাশা বৰা লগতে কাৰ্যবাহী বিষয়া ভাস্কৰ জ্যোতি পেগু উপস্থিতিত উক্ত উচ্ছেদিত ঠাইত জোখ মাখ কৰা হয় ।

এই লৈ ব্যৱসায়ী সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়, ব্যৱসায়ী সকলে মাকুম পৌৰ সভাৰ কাৰ্যলয়ত উপস্থিত হৈ এই বিষয়ত ৰেলৱে বিভাগৰ কৰ্তৃপক্ষ,মাকুম পৌৰ সভাৰ পৌৰ পতি বিপাশা বৰা লগতে কাৰ্যবাহী বিষয়াৰ সৈতে আলোচনাত মিলিত হয়।
পৰৱৰ্ত্তী পর্যায়ত স্থানীয় প্ৰশাসনে দোকান সমূহ খালী কৰি দিবলৈ ব্যৱসায়ী সকলক জাননী জাৰি কৰাত ব্যৱসায়ী সকলে ইতিমধ্যে খালী কৰিবলৈ বাধ্য হয়।

উক্ত উচ্ছেদিত বিষয় ওপৰত চৰকাৰী কোনো এজন বিষয়াই আজিৰ মুহূৰ্তলৈ কোনো ধৰণৰ মন্তব্য প্ৰদান কৰা নাই যদিও,এই সকল উচ্ছেদিত ব্যৱসায়ী সকলৰ বাবে চৰকাৰ তৰফৰ পৰা কি ধৰণৰ ব্যৱস্থা লোৱা হব তাৰ প্ৰতি লক্ষণীয় হব। ৰেলৱে বিভাগৰ এনেধৰণৰ হঠকাৰী সিদ্ধান্তকলৈ ব্যৱসায়ী সকলে যুগ-যুগ ধৰি ব্যৱসায় কৰি অহা দোকান সমূহ চকুৰ সন্মুখতে ভাঙি পেলোৱা খৱৰে এতিয়া ব্যৱসায়ী সকল অসহায় হৈ পৰা দেখা গৈছে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments