Tuesday, July 8, 2025
Homeৰাজনৈতিককোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি, পদত্যাগ কৰিলে মল্লিকাৰ্জুন খাৰ্গে

কোন হ’ব কংগ্ৰেছৰ পৰৱৰ্তী সভাপতি, পদত্যাগ কৰিলে মল্লিকাৰ্জুন খাৰ্গে

ডিজিটেল ডেস্ক, ANEWS24X7: কোন হ’ব কংগ্ৰেছৰ পৰবৰ্তী সভাপতি ৷ ইতিমধ্যে মনোনয়ন পত্ৰ দাখিল কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু শশী থাৰুৰে৷দুয়োগৰাকী কংগ্ৰেছৰ শক্তিশালী নেতা হিচাপে পৰিচিত ৷ মল্লিকাৰ্জুন খৰ্গে গান্ধী পৰিয়ালৰ সমৰ্থন লাভ কৰাৰ লগতে ৩০ জন কংগ্ৰেছ নেতাৰ পৰা সমৰ্থন লাভ কৰিছে৷ আনহাতে শশী থাৰুৰ কংগ্ৰেছৰ জি-২৩ গোটৰ এজন সক্ৰিয় সদস্য ৷ জি-২৩ গোটে বিগত সময়চোৱাত কংগ্ৰেছৰ সংস্কাৰ বিচাৰি প্ৰতিবাদ আৰম্ভ কৰিছিল ৷

ইয়াৰ মাজতে কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ প্ৰাৰ্থী মল্লিকাৰ্জুন খাৰ্গেই ৰাজ্যসভাৰ বিৰোধী দলৰ নেতাৰ পদৰ পৰা পদত্যাগ কৰিছে৷খৰ্গে ছোনিয়া গান্ধীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিছে৷এজন নেতা এটা পদ নীতিৰ আধাৰত পদত্যাগ পত্ৰ দাখিল কৰিছে খৰ্গে৷

উল্লেখ্য যে,মল্লিকাৰ্জুন খাৰ্গেক দলটোৰ সভাপতি নিৰ্বাচনৰ বাবে প্ৰায় ৩০ জন কংগ্ৰেছী নেতাৰ পৰা সমৰ্থন লাভ কৰিছে ৷ তেওঁক সমৰ্থন কৰা সকলৰ ভিতৰত আছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট,দিগ্বিজয় সিং, মনীষ তিৱাৰী, পৃথ্বীৰাজ চৱন , দীপেন্দ্ৰ হুডা, চলমান খুৰ্ছিদ ৷ ১৯ অক্টোবৰত সভাপতি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments