Tuesday, July 8, 2025
Homeঅসমশালবাৰীত গাঞ্জাসহ আটক এজন

শালবাৰীত গাঞ্জাসহ আটক এজন

ডিজিটেল ডেস্ক, anews24x7: বাগ্‌সাৰ শালবাৰী মহকুমা আৰক্ষীয়ে আজি আবেলি এক অভিযান চলাই এজন গাঞ্জা ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয়৷

আটকাধীন গাঞ্জা ব্যৱসায়ীজন বাগ্‌সাৰ গোৱৰ্ধনা আৰক্ষী থানাৰ অন্তৰ্গত পশ্চিম বেলগুৰিৰ সন্তোষ বৰ্মন ওৰফে ভোলা বৰ্মন৷ আজি আবেলি শালবাৰী মহকুমা আৰক্ষী বিষয়া নীলোৎপল শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষী আৰু চিআৰপিএফৰ যুটীয়া অভিযানত নিজ গৃহৰপৰা আটক হয় ভোলা বৰ্মন৷

তেওঁৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৮৪৪ গ্ৰাম গাঞ্জা,এটা পোকো মোবাইল ফোনৰ লগতে নগদ ছয়শ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷সম্প্ৰতি গোৱৰ্ধনা আৰক্ষীৰ জিম্মাত আছে গাঞ্জা ব্যৱসায়ীজন৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments