ডিজিটেল ডেস্ক ANEWS24X7: হাইদৰাবাদত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সভাত অথন্তৰ ৷ গণেশ চতুৰ্থীৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সময়ত সংঘটিত হৈছে এই ঘটনা ৷
মঞ্চত অসমৰ মুখ্যমন্ত্ৰী গৰাকীৰ সন্মুখৰ পৰা মাইক্ৰফোন কঢ়ি নিয়াৰ চেষ্টা কৰে এজন TRS নেতাই ৷
এই ঘটনা সংঘটিত হোৱাৰ পিছতে এক হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ ঘটনাটো সংঘটিত হোৱৰ লগে লগে মঞ্চত উপস্থিত থকা নিৰপত্তৰক্ষীয়ে আটক কৰে TRS নেতাজক ৷ TRS নেতাজনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত বাক-বিতণ্ডাত লিপ্ত হ’বলৈও চেষ্টা কৰে ৷ উক্ত অনুষ্ঠানত উপস্থিত আছিল মল্ল বৰুৱাও ৷ নিৰাপত্তাৰক্ষীয়ে আটক কৰাৰ পিছতে ভাৰত মাতাকি জয় ধ্বনি দিয়ে উপস্থিত জনতায় ৷ উল্লেখ্য যে শেহতীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পেক্ষাপটত বিশেষ চৰ্চা লাভ কৰিছে ৷