জাহিৰুল ইছলাম, শালবাৰী:আজি দেওবাৰে পৰ্য্যটকৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান। দেশ – বিদেশী পৰ্য্যটকৰ আগমন ঘটিছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ
প্ৰকৃতিপ্ৰেমীৰ ভৰপূৰ সোন্দৰ্য্য মানাহ ৰাষ্ট্ৰীয় উদ্যান ,উদ্যান খনৰ ঘাঁহ- বনে- গছে সলাইছে ন কুঁহিপাত , ন – কুঁহিপাতেই যেন হাত বাউলিৰে মাতিছে পৰ্য্যটকক। যোৱা বৰ্ষতকৈ এই বৰ্ষত পৰ্য্যটকৰ সংখ্যা বৃদ্ধি পাইছে মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানত জীৱ-জন্তুৰ ও বাঢ়িছে সংখ্যা যাৰ ফলত সঘনাই পৰ্য্যটকে প্ৰত্যেক কৰি আহিছে বিভিন্ন জীৱ-জন্তু
পৰ্যটকে অনায়াসে কেমেৰাত বন্দী কৰিব পাৰে বাঘ,হাতী,গঁড়,হৰিণাৰ মুক্ত বিচৰণৰ দৃশ্য। মানাহ ৰাষ্ট্ৰীয় উদ্যানহৈ ভূটানৰ পানবাঙত আধাৰ কাৰ্ড যোগে ভ্ৰমণ কৰিব পাৰিব বুলি জানিবলৈ দিয়ে বুবুল নাথে