ডিজিটেল ডেস্ক, ১৬জানুৱাৰী: বিশ্বৰ এক বিৰল নিদৰ্শন তীৰ্থনগৰী হাজোৰ মণিকূট উৎসৱ-সমন্বয় শোভাযাত্ৰা। ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধত শান্তি- সম্প্ৰীতি আৰু সমন্বয়ৰ মহান আদৰ্শ মানৱ সমাজত বিলাই দিবলৈ তীৰ্থনগৰী হাজোত উদযাপন কৰা হৈছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা।
হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত এই অনুষ্ঠানক কেন্দ্ৰ কৰি উচবমুখৰ পৰিৱেশে বিৰাজ কৰিছে তীৰ্থনগৰীত। হিন্দু- মুছলমানৰ অপূৰ্ব সম্প্ৰীতি- সমন্বয়ৰ স্মৃতিক চিৰ যুগমীয়া কৰি ৰখাৰ প্ৰয়াসৰে তীৰ্থনগৰী হাজোত অনুস্থিত হৈ আহিছে মণিকূট উৎসৱৰ। এই অপূৰ্ব সমন্বয়-সম্প্ৰীতিৰ আদৰ্শক বিশ্ব দৰবাৰত বহুল প্ৰচাৰৰ বাবে ১৯৯২চনৰে পৰা মণিকূট উৎসৱ উপলক্ষে সদৌ অসম ছাত্র সন্থাই প্ৰতিবছৰে পহিলা মাঘত অনুস্থিত কৰি আহিছে বৰ্ণিল সমন্বয় শোভাযাত্ৰা ।
সম্প্ৰতি বিশ্বৰ এক বিৰল নিদৰ্শন হিচাপে চিহ্নিত হৈ পৰা তীৰ্থনগৰী হাজোৰ এই বৰ্ণিল সমন্বয় -সাংস্কৃতিক শোভাযাত্ৰা এইবেলিও পহিলা মাঘৰ দিনা ঐতিহাসিক পোৱামক্কা দৰ্গাহৰ নামনিৰ মুখ্য তোৰনৰ পৰা শুভাৰম্ভ কৰি প্ৰায় তিনি কিলোমিটাৰ দূৰত্বত অৱস্থিত হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণ সামৰণি পৰিব। এই বৰ্ণিল সাংস্কৃতিক-সমন্বয় শোভাযাত্ৰাৰ পতাকা জোকাৰি শুভাৰম্ভ কৰিব ঐতিহাসিক পোৱামক্কা দৰ্গাহৰ খাদিম চৈয়দ তৌফিক হুছেইন আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ শিৱ প্ৰসাদ শৰ্মাই।