নিউজ ডেস্ক, ANEWS24X7: উত্তৰ পূৱৰ প্ৰথম খন অলিম্পিক পাৰ্ক স্থাপন মণিপুৰত ৷ মণিপুৰ চৰকাৰে সংগাইথেলত নিৰ্মাণ কৰিছে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন অলিম্পিক পাৰ্ক ৷
পাাৰ্কখনত ৰাজ্যখনৰ অলিম্পিয়ান সকলৰ প্ৰতিমূৰ্তি থাকিব ৷ এই পাৰ্কখনতে পৰবৰ্তী সময়ত জুডো , ভাৰোত্তোলন আৰু বক্সিঙৰ বাবে এটা প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা হ’ব ৷
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আধাৰশিলা উদ্বোধন কৰিব অলিম্পিক পাৰ্কখন ৷ ইয়াৰ ওপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশীলা স্থাপন কৰিব ৷
১৩১১ কোটি টকাৰ ব্যয়ৰে ২১ টা বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷