Thursday, November 7, 2024
Homeউত্তৰ-পূৱমণিপুৰৰ চোৰাছান্দপুৰ জিলাত উত্তপ্ত পৰিস্থিতি, কৰ্তন কৰিছে ইণ্টাৰনেট, জাৰি কৰা হৈছে সান্ধ্য...

মণিপুৰৰ চোৰাছান্দপুৰ জিলাত উত্তপ্ত পৰিস্থিতি, কৰ্তন কৰিছে ইণ্টাৰনেট, জাৰি কৰা হৈছে সান্ধ্য আইন

ডিজিটেল ডেস্ক, ANEWS24X7: চুৰাচান্দপুৰত ধাৰা-১৪৪, ইণ্টাৰনেটতো বন্ধ;। মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে সভাস্থলীত জুই লগাইছিল ৰাইজে।

আৰক্ষীয়ে জনোৱা মতে, স্থানীয় আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি ৰাইজক ছত্ৰভংগ দিছিল যদিও অগ্নিসংযোগৰ ঘটনাই সভাস্থলীৰ ক্ষতিসাধন কৰিছে। এই ঘটনা ৰাজ্যৰ ৰাজধানী ইম্ফলৰ পৰা প্ৰায় ৬৩ কিলোমিটাৰ নিলগত নিউ লামকাত সংঘটিত হৈছে।

মণিপুৰৰ চুৰাচান্দপুৰ জিলালৈ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ ভ্ৰমণৰ এদিন পূর্বে এটা দলে অনুষ্ঠানৰ স্থান ভাঙি জুই লগাই দিয়ে৷ আৰক্ষীয়ে জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত অশান্তিপূৰ্ণ ৰাইজে এই ঘটনা সংঘটিত কৰে। ঘটনাৰ পিছতে জিলাখনত সাময়িকভাৱে ইণ্টাৰনেট নিষিদ্ধ কৰা হৈছে।

লগতে ১৪৪ নং ধাৰা কাৰ্যকৰী কৰা হৈছে। জিলাখনত নিৰাপত্তা বৃদ্ধি কৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে জনোৱা মতে, শুকুৰবাৰে বিয়লি বীৰেন সিঙে উদ্বোধন কৰিবলগীয়া নিউ লামকাৰ পিটি স্প’ৰ্টছ কমপ্লেক্সত নতুনকৈ স্থাপন কৰা মুকলি জিমটো আংশিকভাৱে জ্বলাই দিয়ে ক্ষুব্ধ জনতাই।

 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments