ডিজিটেল ডেস্ক ANEWS24X7: দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াক গ্ৰেপ্তাৰৰ পৰিকল্পনা কৰা হৈছে ৷ অহা ২-৪ দিনৰ ভিতৰত চিবিআইয়ে গ্ৰেপ্তাৰ কৰিব পাৰে দিল্লীৰ শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াক ৷ এই দাবী কৰিছে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী তথা শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াই ৷
দিল্লীৰ সুৰা কেলেংকাৰী সন্দৰ্ভত চি বি আইৰ এটা দলে শুকুৰবাৰে শিক্ষা মন্ত্ৰী মনীষ চিছোদিয়াৰ ঘৰত অভিযান চলোৱাৰ পিছত শনিবাৰে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চিছোদিয়াই ৷
শনিবাৰে উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই এই সন্দৰ্ভত সংবাদ মেল সম্বোধন কৰি কয় যে, ‘‘ চি বি আইৰ বিষয়াসকল শুকুৰবাৰে তেওঁৰ ঘৰলৈ আছিল। বিষয়া সকলে ঘৰ আৰু কাৰ্যালয়ত তালাচী চলাইছিল। চি বি আইৰ বিষয়াসকল ভাল। তেওঁলোকৰ ওপৰত ওপৰৰ পৰা নিৰ্দেশ আছে সেয়েহে তেওঁলোকে নিজৰ কৰ্তব্য পালন কৰিছে। ভাৰতীয় জনতা পাৰ্টীয়ে আম আদমী পাৰ্টিৰ প্ৰশংসা হজম কৰিব নোৱাৰে । মোৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষে ইয়াৰ এক ইংগিত ৷ বিজেপিয়ে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু তেওঁৰ চৰকাৰৰ নীতিক ভয় কৰে। ২০২৪ ৰ নিৰ্বাচনী যুঁজখন অৰবিন্দ কেজৰিৱাল বনাম নৰেন্দ্ৰ মোডী হ’ব ৷’’
উল্লেখ্য যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল জনপ্ৰিয়তা সমগ্ৰ দেশৰ লগতে প্ৰধামন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহ ৰাজ্য গুজৰাটত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ ই বিজেপি দলৰ বাবে শুভ লক্ষণ নহয়
