Monday, July 7, 2025
Homeৰাজনৈতিকড° মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক

ড° মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক

ডিজিটেল ডেস্ক, ২৭ডিচেম্বৰ:প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ মৃত্যুত ৭ দিনীয়া ৰাষ্ট্ৰীয় শোক, বাতিল চৰকাৰী কাৰ্যসূচী, শনিবাৰে ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন হ’ব অন্ত্যেষ্টিক্ৰিয়া..তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰে দেশবাসীয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধী, ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আদি দেশৰ সকলো স্তৰৰ বিশিষ্ট লোকে সামাজিক মাধ্যমযোগে শোক প্ৰকাশ কৰে।

‘ভাৰতীয় অৰ্থনীতিৰ ভীষ্ম পিতামহ’ বুলি গণ্য কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড° মনমোহন সিঙৰ জীৱন এনে কাহিনীৰে ভৰি আছে যিবোৰ বিশ্বাস কৰাটো কঠিন। কিন্তু তেওঁৰ জীৱনত এনে এটা অদ্ভুত কাকতলীয়া সংযোগ আছে, যিটো জন্মৰ পৰা মৃত্যুলৈকে তেওঁৰ লগত থাকিল। এই কাকতলীয়া সংযোগ আছিল ২৬ নম্বৰ।

মনমোহন সিঙৰ জন্ম হৈছিল ২৬ তাৰিখে আৰু একে তাৰিখতে তেওঁৰ মৃত্যুও হয়।ড° মনমোহন সিঙৰ জন্ম হৈছিল ১৯৩২ চনৰ ২৬ ছেপ্টেম্বৰত অবিভক্ত ভাৰতৰ পঞ্জাৱ প্ৰদেশৰ গহ গাঁৱত। এই অংশ এতিয়া পাকিস্তানত। দেশ বিভাজনৰ সময়ত মনমোহন সিঙৰ পৰিয়াল আহি অমৃতসৰত বসতি স্থাপন কৰিলে। তেওঁৰ প্ৰকৃত কেৰিয়াৰ ইয়াৰ পৰাই আৰম্ভ হৈছিল। মনমোহন সিঙৰ নামেৰে এখন বিদ্যালয়ো আছে পাকিস্তানৰ জন্মগ্ৰহণ কৰা গাঁৱত। ইয়াক ‘মনমোহন সিং চৰকাৰী বালক বিদ্যালয়’ বুলি জনা যায়। ড° মনমোহন সিঙে প্ৰাৰম্ভিক পঢ়া-শুনা এইখন বিদ্যালয়তে কৰিছিল। এসময়ত আন্ধাৰত বাস কৰা এই গাঁওখন আজি এখন আদৰ্শ গাঁও হৈ পৰিছে।গহ গাঁৱৰ পৰা অমৃতসৰ পোৱা মনমোহন সিঙৰ আচল কাহিনী ইয়াৰ পৰাই আৰম্ভ হৈছিল।

পঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা কেম্ব্ৰিজলৈ অব্যাহত থাকে তেওঁৰ অধ্যয়ন যাত্ৰা। বিশ্বৰ আটাইতকৈ বিখ্যাত বিশ্ববিদ্যালয় অক্সফৰ্ডৰ পৰা ডিফিল কৰিছিল মনমোহন সিঙে। মনমোহন সিঙৰ কন্যা দমন সিঙে তেওঁৰ কিতাপত তেতিয়াৰ অৱস্থাৰ বিষয়ে লিখিছে। কৈছে কেনেকৈ তেওঁ আৰ্থিক নাটনিৰ সন্মুখীন হ’বলগীয়া হৈছিল। তথাপিও তেওঁ সততা এৰি দিয়া নাছিল। হয়তো এই কথা তেওঁৰ বাবে উপযোগী আছিল যে তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, বিত্তমন্ত্ৰী আৰু তেতিয়াৰ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ অৰ্থনীতিক এক নতুন দিশ দিবলৈ সক্ষম হৈছিল।মনমোহন সিঙৰ নামত বহু কৃতিত্ব আছে। তেওঁ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ, বিত্তমন্ত্ৰী হৈ প্ৰধানমন্ত্ৰীৰ পদত উপনীত হয়।

কেৱল এয়াই নহয়, জৱাহৰলাল নেহৰুৰ পিছত একেৰাহে দ্বিতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হোৱা প্ৰথমজন ভাৰতীয়। তেওঁ নিজৰ সিদ্ধান্তত যথেষ্ট দৃঢ়তাৰে থাকিল। যেতিয়া তেওঁ আমেৰিকাৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিখন দেশখনৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰিছিল, তেতিয়া তেওঁ নিজৰ চৰকাৰখনক বাজিত পেলাইছিল। তেওঁ সহমতৰ পক্ষত আছিল। কিন্তু তেওঁৰ আটাইতকৈ বিশেষ কথাটো আছিল তেওঁৰ সৰলতা। এতিয়া ২০২৪ চনৰ ২৬ ডিচেম্বৰত এই নেতাজন চিৰদিনৰ বাবে নিয়তিৰ শীতল কোলাত ঢলি পৰে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments