ডিজিটেল ডেস্ক, ANEWS24X7: ভাৰতীয় নৌসেনাত নৱতম সংযোজন ৷ দেওবাৰে মুম্বাইৰ মাৰ্মাগাঁও বন্দৰত অনুষ্ঠিত এক অনুষ্ঠানত আইএনএছ মাৰ্মাগাঁওক আনুষ্ঠানিকভাৱে নৌসেনাত অন্তৰ্ভুক্ত কৰা হয় ৷ এই অনুষ্ঠানত উপস্থিত থাকে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং , গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু নৌসেনা প্ৰধান আৰ হৰি কুমাৰ ৷
আইএনএছ মাৰ্মাগাঁও উদ্বোধন কৰি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ,‘‘ যুদ্ধ জাহাজখন কেৱল বৰ্তমানৰ বাবে নহয় , ভৱিষ্যতৰ লক্ষ্যৰ কথা মনত ৰাখি নিৰ্মাণ কৰা হৈছে ৷ সম্পূৰ্ণ দেশীয় প্ৰযুক্তিৰে নিৰ্মিত এই যুদ্ধ জাহাজখনে ভাৰতক গৌৰাৱান্বিত কৰিব ৷ লগতে ভাৰতে আগন্তুক দিনত সমগ্ৰ বিশ্বৰ বাবে যুদ্ধ জাহাজ নিৰ্মাণ কৰিব ৷’’
নৌসেনা প্ৰধান আৰ হৰি কুমাৰে কয় যে , নৌসেনাত আইএনএছ মাৰ্মাগাঁও অন্তৰ্ভুক্তিৰ ফলত সেনাৰ শক্তি আৰু বৃদ্ধি পাইছে ৷ সেনাৰ ইতিহাসত ই এক মাইলৰ খুঁটি ৷ দেশৰ পূব আৰু পশ্চিম সীমাত চীনৰ সৈতে সংঘৰ্ষ আৰু ইণ্ডো-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনা আধিপত্য পৰিপ্ৰেক্ষিতত মাৰ্মাগাঁও অন্তৰ্ভুক্তি গুৰুত্বপূৰ্ণ ৷’’
উল্লেখ্য যে ৭,৪০০ টন জৰ এই যদ্ধ জাহাজখনৰ নাম গোৱাৰ ঐতিহাসিক বন্দৰ চহৰ মাৰ্মাগাঁৱৰ নামেৰে ৰাখা হৈছে ৷ এই যুদ্ধজাহাজখনৰ বিশেষ বৈশিষ্টটো হ’ল এই যুদ্ধ জাহাজখনক চলাচল ৰাডাৰ বা অন্য কোনো পদ্ধতিৰ দ্বাৰা চিনাক্ত কৰিব নোৱাৰে ৷ অৱশ্যে বিশেষ ষ্টিল্থ প্ৰযুক্তিৰ সহায়ত প্ৰতিপক্ষৰ জাহাজৰ চলাচল দেখা যাব ৷