ডিজিটেল ডেস্ক, ANEWS24X7: মেট্ৰিকৰ পৰীক্ষা বাতিলক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে । সংবাদ মাধ্যমৰ আগত ৰণোজ পেগুৱে কয়,‘‘ছেবাই পৰীক্ষা বাতিল কৰিবলৈ বাধ্য হৈছে। কিবা ঘটিছে, চিআইডিত গোচৰ দিয়া হৈছে, মই আৰক্ষী সঞ্চালক প্ৰধানৰ লগতো কথা পাতিছো ইয়াৰ উচিত তদন্ত হ’ব, আৰু দোষীয়ে শাস্তি পাব।’’
ইপিনে ২০০৬ চনৰ পিছত এইবাৰ এই দুৰ্ভাগ্যজনক ঘটনা ঘটিছে। আমি তদন্তৰ নিৰ্দেশ দিছো। ছেবাই এইটো উচিত বিবেচনা কৰিছে যে গোচৰ দিব লাগে।
আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব। তদন্তৰ খাটিৰত মই কিছু কথা কোৱা উচিত নহয়। আৰক্ষীয়ে তদন্ত কৰিব লগতে ছেবাৰ দক্ষতাক লৈ কোনো সন্দেহ নাই বুলি মন্তব্য কৰি পেগুৱে কয়।