Tuesday, December 24, 2024
Homeউত্তৰ-পূৱৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক সাক্ষাৎ কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক সাক্ষাৎ কৰিলে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই

ডিজিটেল ডেস্ক, ANEWS24X7: মুক্ৰো কাণ্ডকলৈ শুক্ৰবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই সাক্ষাৎ কৰে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক ৷ ২২ নৱেম্বৰত অসম-মেঘালয় সীমান্তত ছয়জন লোকৰ হত্যাৰ দায়ী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ নেতৃত্বত মেঘালয় চৰকাৰৰ এটা উচ্চ পৰ্যায়ৰ দলে দিল্লীত সাক্ষাৎ কৰে এনএইচআৰচিৰ অধ্যক্ষ অৰুণ কুমাৰ মিশ্ৰক ৷

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগক অসম-মেঘালয় সীমান্তৰ পৰিস্থিতিৰ অৱগত কৰাৰ লগতে মেঘালয়ৰ পাঁচজন গাওঁবাসী আৰু অসমৰ এজন বনৰক্ষীৰ প্ৰাণ হেৰুওৱা গুলীচালনাৰ ঘটনাৰ সৱিশেষ দাঙি ধৰে।

মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই কয় যে “গুলীচালনাৰ ঘটনাটো অসম আৰক্ষী আৰু অসম বনৰক্ষীৰ দ্বাৰা মানৱ অধিকাৰৰ স্পষ্ট উলংঘন আছিল । এটা কেন্দ্ৰীয় সংস্থাই বিষয়টো তদন্ত কৰিব।”

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments