ডিজিটেল ডেস্ক, ANEWS24X7: মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাইৰ বৃহৎ ঘোষণা ৷ মুখ্যমন্ত্ৰী কনৰাড চাংমাই সমৰ্থন নকৰে ইউনিফৰ্ম চিভিল ক’ৰ্ট ৷ ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনলৈ মাত্ৰ কেইমাহমান দিনৰ পূৰ্বে কৰা এই ঘোষণাই ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে ৷
সোমবাৰে সংবামাধ্যমৰে হোৱা সাক্ষাতকাৰত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই কয় যে ,‘‘ ৰাজনৈতিক দল হিচাপে আমি স্পষ্ট যে ইউচিচি এনে এক বস্তু যাক এনপিপিয়ে গ্ৰহণ কৰিব নোৱাৰে ৷আইনখনে মেঘালয়ৰ জনসাধাৰণৰ সংস্কৃতি আৰু জীৱন শৃংখলাক প্ৰভাৱিত কৰিব ৷ কিছুমান ক্ষেত্ৰ থাকিব পাৰে য’ত কেন্দ্ৰীয় চৰকাৰে কিছুমান কাম কৰাটো বিচাৰে ৷ কিন্তু সেইবোৰ বিষয়ৰ বিষয়ে আমি অৱগত নহয় ৷’’
কনৰাড চাংমাই লগতে কয় যে , ‘‘ ইউচিচিয়ে সম্পত্তি শিশুসকললৈ কেনেদৰে স্থানান্তৰ কৰা হ’ব সেয়াও নিৰ্ধাৰণ কৰিব । যদি ইউচিচিয়ে কয় যে ই জ্যেষ্ঠ পুত্ৰৰ ওচৰলৈ যাব লাগিব যেনেকৈ দেশৰ আন প্ৰান্তত কৰা হয়, তেন্তে ই ৰাজ্যখনৰ সংস্কৃতিৰ সৈতে নিমিলে , য’ত আমি ইয়াক বহুতো জনজাতিৰ কনিষ্ঠ কন্যাক দিওঁ । ইউচিচিৰ সমগ্ৰ ধাৰণাটোৱে মেঘালয় ৰাজ্যৰ সাংস্কৃতিক প্ৰথা সলনি কৰিব পাৰে ৷ নিশ্চিতভাৱে এইটো এনেকুৱা এটা বস্তু যাক আমি এখন ৰাজ্য হিচাপে, এটা দল হিচাপে ইয়াক গ্ৰহণ কৰিব নোৱাৰো।’’