Thursday, March 12, 2026
Homeঅসমদিল্লীত ৰাষ্ট্ৰপতি ,প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰি আদিবাসী...

দিল্লীত ৰাষ্ট্ৰপতি ,প্ৰধানমন্ত্ৰী,গৃহমন্ত্ৰী আৰু জনজাতি পৰিক্ৰমা মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰি আদিবাসী সমস্যা সমাধান কৰাৰ দাবী ’আছা’ ৰ সভাপতি ৰেজান হৰোৰ নেতৃত্বত এক সজাতি দলৰ

অসমৰ আদিবাসী সকলক শীঘ্ৰে জনজাতিকৰণ (অনুসূচীতকৰণ)প্ৰদান কৰা , চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৫৫১ টকালৈ বৃদ্ধি কৰা বি টি এ ডি অঞ্চল, আৰু কাৰ্বি আলং জিলাৰ ভূমি সমস্যা সামধান কৰা আদি বিভিন্ন বিষয় সমূহক লৈ সদৌ অসম আদিবাসী ছাত্ৰ সন্থা (আছা) ৰ সভাপতি ৰেজান হৰোৰ নেতৃত্বত এক সজাতি দলে ৰাষ্ট্ৰপতি দ্ৰোপদী মূৰ্মূ ,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ,গৃহমন্ত্ৰী অমিত চাহ আৰু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামক , স্মাৰকপত্ৰ প্ৰদান কৰি শীঘ্ৰে সমস্যা সমূহ সামাধান কৰাৰ বিষয়ে দাবী উত্থাপন কৰে ৷ ৰাজধানী চহৰত কেইবাদিনো বাহৰ পাতি থকা সজাতি দলটোৱে আদিবাসী সকলক জনজাতি কৰণৰ বিষয়টো বিভিন্ন বিভাগত তথ্য সংগ্ৰহ কৰাৰ পিছত মুঠেই সন্তুষ্ট নহয় বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে ৷

ৰাজ্য চৰকাৰে আদিবাসী সকলৰ জনজাতিকৰণৰ কাম মাত্ৰ দহ শতাংশ বাকী আছে বুলি কৈ আজি দহ বছৰে পাৰ কৰিলে ৷ কেন্দ্ৰীয় চৰকাৰে আদিবাসী সকলৰ জনজাতিকৰণত জানি শুনি বিলম্ব কৰিছে বুলি আছাৰ সভাপতি ৰেজান হৰোই ক্ষোভ প্ৰকাশ কৰে ৷ ২০১৬ চনত অসমত চৰকাৰ গঠন কৰাৰ লগে লগে আদিবাসী সকলক জনজাতি কৰণ কৰাৰ প্ৰতিশ্ৰুতি দিয়া পিছত আজি ভেকুভাওনা কৰা বুলি তেও বিজেপি চৰকাৰক সমালোচনা কৰে ৷ আছাৰ সম্পাদক দেবেন উৰাঙে কয় যে দীৰ্ঘদিন ধৰি আদিবাসী সকলক জনজাতিকৰণ কৰা হব বুলি অগপ কংগ্ৰেছ আৰু শেহতীয়াকৈ বিজেপি দলেও ঠগ প্ৰৱঞ্চনা কৰি আহিছে আৰু এই প্ৰবঞ্চনা কিমান দিনলৈ চলিব বুলি বিজেপি চৰকাৰক প্ৰশ্ন কৰে ৷ আদিবাসী সকল বিভিন্ন ৰাজ্যত জনজাতিৰ ময্যদা লাভ কৰি আহিছে যদিও অসমত কি কাৰণত জনজাতি কৰণ কৰা নাই বুলি আছাৰ নেতাজনে প্ৰশ্ন কৰে ৷ সজাতি দলটোত আছা ৰ সম্পাদক দীপক নাগ অংশ গ্ৰহণ কৰে ৷

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

Recent Comments