ডিজিটেল ডেস্ক, ৬মাৰ্চ: ভাওনা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি ক্ষমা খুজিলে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংঘালে। আজি সামাজিক মাধ্যমত এটা পোষ্ট কৰি ক্ষমা বিচাৰিলে মন্ত্ৰী অশোক সিংঘালে।
সামাজিক মাধ্যমত অশোক সিংহলে লিখিছে, ‘‘মহাপুৰুষজনাৰ অনুপম সৃষ্টি ভাওনা সন্দৰ্ভত মই নেতিবাচক মন্তব্য দিয়া বুলি শেহতীয়াকৈ এক প্ৰচাৰ চলোৱা হৈছে। কিন্তু মই এনে মন্তব্য দিয়া বুলি চলোৱা প্ৰচাৰ সম্পূৰ্ণ ভিত্তিহীন আৰু মই এনে মন্তব্য দিয়াৰ প্ৰশ্নই উত্থাপিত নহয়। কিন্তু সমগ্ৰ বিষয়টোক লৈ একাংশ সংবাদ মাধ্যমত বিভিন্ন বাতৰি প্ৰচাৰিত হৈছে আৰু বিষয়টো সন্দৰ্ভত জনমানসত এক ভুল ধাৰণাৰ সৃষ্টি কৰা হৈছে। এই বিষয়টোৱে কাৰোবাৰ মনত হয়তো দুখ দিব পাৰে। এই বিষয়টোক লৈ মই কোনো অনাহক বিতৰ্ক বিচৰা নাই যদিও বিষয়টোৱে যদি কাৰোবাৰ মনত দুখ দিছে, তেন্তে তাৰবাবে মই ক্ষমাপ্ৰাৰ্থী।’’
উল্লেখযোগ্য যে বুধবাৰে বিধানসভাৰ অধিৱেশনতো বিৰোধী দলপতিয়ে অশোক সিংঘালৰ বিৰুদ্ধে আনিছিল ভৰ্ৎসনাৰ প্ৰস্তাৱ। দেৱব্ৰত শইকীয়াই আনিছিল ভৰ্ৎসনাৰ প্ৰস্তাৱ। এই সন্দৰ্ভত অশোক সিংহলৰ পৰা উত্তৰ বিচাৰে অধ্যক্ষই।