বাজপেয়ী ভৱনত মন্ত্ৰী পীযুষ হাজৰিকাৰ সংবাদমেল। বিৰোধী দলক চোকা সমালোচনা কৰি সংবাদমেলত বিজেপি চৰকাৰৰ সফলতাৰ খতিয়ান দাঙি ধৰে মন্ত্ৰীগৰাকীয়ে
সংবাদমেলত কয়, ‘‘১ লাখ ৬৫ হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে চাকৰি পালে যোৱা ৫ বছৰত। এয়া আমাৰ বাবে ডাঙৰ প্ৰাপ্তিI আমি প্ৰতিশ্ৰুতি দিছিলো ১ লাখ চাকৰি দিয়াৰহে। কংগ্ৰেছৰ দিনৰ চাকৰিৰ বজাৰ আমি বন্ধ কৰি দিবলৈ সক্ষম হ’লো। পিতৃ-মাতৃয়ে ACS/APS কি বুজি নোপোৱা ঘৰৰ ল’ৰা-ছোৱালীয়ে আজিকালি APSCৰ চাকৰি পায়। যোৱা ৫ বছৰত অসম চৰকাৰৰ কোনো এগৰাকী মন্ত্ৰীৰ ঘৰৰ ল’ৰা-ছোৱালীয়ে APSCত চাকৰি পোৱা নাইI এইবাৰ চৰকাৰ আহিলে আমি ২ লাখ চাকৰি দিমI সুবিধা হ’লে ২.৫০ লাখ পাৰ হৈ যাব।’’
‘‘চৰকাৰী চাকৰি দি নিবনুৱা সমস্যা সমাধান কৰিব নোৱাৰি। উদ্যোগীকৰণৰ দ্বাৰা নিৱনুৱা সমস্যা সমাধান কৰিব লাগিব। ১ লাখ নিবনুৱাক CMAAAৰ যোগেদি ২ লাখকৈ টকা দিছিলোঁ। ১০ লাখ নিৱনুৱাক CMAAAৰ যোগেদি ৫ লাখকৈ টকা দিম। নিবনুৱাক সহায় কৰাটোৱে হ’ব আগন্তুক বিজেপি চৰকাৰৰ মূল মন্ত্ৰ। ছেমি কণ্ডাক্টৰত ২৯ হাজাৰ যুৱক-যুৱতীয়ে চাকৰি পাব। ইতিমধ্যে ৪ হাজাৰে নিৰ্মাণ ব্যৱস্থাত কাম কৰি আছে।’’
এডভাণ্টেজ অসমৰ অধীনত অসমত ১৫খনতকৈ অধিক পঞ্চ তাৰকাযুক্ত হোটেল নিৰ্মাণৰত অৱস্থাত আছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে অসমৰ ল’ৰা-ছোৱালীয়ে যাতে বাহিৰত গৈ চাকৰি কৰিব পাৰে তাৰ বাবে CM Fly আঁচনি গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰে। বিনিয়োগৰ ক্ষেত্ৰত বিগত ৫ বছৰত দেশৰে আগবঢ়া ৰাজ্য অসম। এইয়া ৰিজাৰ্ভ বেংকে আগবঢ়োৱা পৰিসংখ্যা। এয়া আমাৰ চৰকাৰৰ অন্যতম সফলতা বুলি কয় হাজৰিকাই।
