ডিজিটেল ডেস্ক, ৮জানুৱাৰী: ‘‘মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত এইবছৰ ২৪৫ কিলোমিটাৰ মথাউৰি নিৰ্মাণ কৰা হ’ব৷ খেতি কৰিবলৈও আমি বানমুক্ত হ’ব লাগিব, উদ্যোগ আনিবলৈও বানমুক্ত হ’ব লাগিব৷ উদ্যোগ নহ’লে, খেতি নহ’লে আমি কেতিয়াও আগবাঢ়ি যাব নোৱাৰো৷’’ জোনাইত ১৫ কিল’মিটাৰ দৈৰ্ঘ্যৰ নতুন মথাউৰি নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ অনুষ্ঠানত অংশগ্ৰহণ কৰি এইদৰে মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰীকাই৷ ইয়াৰ লগতে মন্ত্ৰীগৰাকীয়ে কয়- যেতিয়া বানপানী হয়, মথাউৰি ভাগে মোৰ মনটো বেয়া হৈ থাকে। কিয়নো মই বিভাগটোৰ মন্ত্ৰী। বিভাগটোৰ মন্ত্ৰী হৈ যদি মই মানুহক বান-গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব নোৱাৰোঁ, তেন্তে মই ক’ৰবাত ব্যৰ্থ যেন অনুভৱ কৰোঁ৷