ডিজিটেল ডেস্ক, ANEWS24X7: গুজৰাটত চলি থকা ৩৬ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত সফলতা অৰ্জন জনপ্ৰিয় ক্ৰীড়াবিদ মীৰাবাই চানুৰ ।শুক্ৰবাৰে প্ৰতিযোগিতাখনত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হয় ৷
প্ৰতিযোগিতাখনৰ মহিলাৰ ৪৯ কিলোগ্ৰাম শাখাৰ ভাৰত্তোলনত স্বৰ্ণ পদক অৰ্জন কৰে ৷
উল্লেখ্য যে ইয়াৰ পূৰ্বে টকিঅ’ অলিম্পিকত ৰূপৰ পদক আৰু বাৰ্মিংহাম কমনৱেলথ গেমছত স্বৰ্ণ পদক জয় কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল মিৰাবাই চানুৱে।