ডিজিটেল ডেস্ক, ANEWS24X7: পুনৰ আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰিছে উত্তৰ কোৰিয়াই ৷ এইবাৰ পুনৰ ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিছে উত্তৰ কোৰিয়াই ৷ বৃহস্পতিবাৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকাক লক্ষ্য কৰি উত্তৰ কোৰিয়াই পুনৰ দুটা বেলিষ্টিক মিছাইল নিক্ষেপ কৰিছে ৷
এই কথা সদৰী কৰিছে দক্ষিণ কোৰিয়াই ৷ দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে কয় যে , ‘‘ বৃহস্পতিবাৰে পুৱতি নিশা দুটা কম দূৰত্বৰ বেলিষ্টিক মিছাইল উত্তৰ কোৰিয়াই নিক্ষেপ কৰিছে ৷ মিছাইল দুটা উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইয়ংৰ চামাচোক অঞ্চলৰ পৰা নিক্ষেপ কৰা হৈছিল ৷ মিছাইল দুটা জাপান সাগৰৰ কাষত নিক্ষেপ কৰা হৈছিল ৷’’
মঙলবাৰে উত্তৰ কোৰিয়াই পাঁচ বছৰৰ পিছত প্ৰথমবাৰৰ বাবে জাপানৰ ভূখণ্ডৰ ওপৰেৰে মিছাইল নিক্ষেপ কৰিছিল ৷ ইয়াৰ পিছতে উত্তৰ কোৰিয়াক সতৰ্ক কৰি বুধবাৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই ‘আৰ্মি টেক্টিকেল মিছাইল চিষ্টেম’ নিক্ষেপ কৰিছিল ৷ দক্ষিণ কোৰিয়াৰ সামৰিক বাহিনীয়ে কৈছিল যে শক্তি দেখুৱাবলৈ মিছাইল এই মিছাইল নিক্ষেপ কৰা হৈছে ৷ উত্তৰ কোৰিয়াৰ মিছাইল নিক্ষেপৰ প্ৰত্যুত্তৰ দিয়া হৈছে ৷
ইয়াৰ পিছতে বৃহস্পতিবাৰে আমেৰিকা আৰু দক্ষিণ কোৰিয়াক পুনৰ আক্ৰমণৰ লক্ষ্য কৰি ললে উত্তৰ কোৰিয়াই ৷ এনে আক্ৰমণ আৰু প্ৰত্যাক্ৰমণকলৈ উত্তেজনা বৃদ্ধি হৈছে বিশ্বৰ কেইবাখনো দেশত ৷ এনে পৰিস্থিতিত জাপানত বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা ৷ ইতিমধ্যে জাপানত জাৰি কৰা হৈছে হাই এলাৰ্ট ৷ জাপানৰ নাগৰিক সকলক সুৰক্ষিত অঞ্চলত আশ্ৰয় গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে ৷